গুৱাহাটী, 17 আগষ্ট: মহানগৰীত অব্যাহত আছে নিষিদ্ধ ঘোষিত তীৰ খেলৰ অবাধ বেহা ৷ এতিয়া মহানগৰীৰ বিভিন্ন প্ৰান্তত তীৰ খেলৰ প্ৰকোপ এটা সচৰাচৰ দেখি থকা ঘটনাত পৰিণত হৈছে ৷ শুকুৰবাৰে সন্ধিয়া বশিষ্ঠৰ বঙালী বস্তি অঞ্চলত বশিষ্ঠ আৰক্ষীৰ এটা দলে অভিযান চলাই দুটা তীৰ খেলুৱৈক আটক কৰে ৷ বিকি প্ৰধান আৰু ৰতন দেৱনাথ নামৰ এই দুই যুৱকৰ পৰা আৰক্ষীয়ে তীৰৰ টিকটসহ নগদ ২২০০০ টকা আৰু এটা কেলকুলেটৰ জব্দ কৰে ৷
মহানগৰীত অব্যাহত নিষিদ্ধ তীৰ খেলৰ অবাধ বেহা - basistha
মহানগৰ আৰক্ষীৰ জালত তীৰৰ টিকটসহ দুজন ৷
বশিষ্ঠ আৰক্ষীৰ জালত টীৰৰ টিকটসহ দুজন
মহানগৰীত গঢ়ি উঠা অবৈধ তীৰৰ বিৰুদ্ধে সততে নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা বশিষ্ঠ আৰক্ষীৰ এই আকস্মিক অভিযানৰ পাচত পৰৱৰ্তী সময়ত বশিষ্ঠ আৰক্ষীয়ে এনেধৰণৰ অভিযান অব্যাহত থাকে নাই সেয়া লক্ষণীয় হব ৷