অসম

assam

ETV Bharat / city

সকলো দলক কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱাৰ আহ্বান দেৱব্ৰত শইকীয়াৰ

নতুনকৈ গঠন হোৱা দল সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া ৷ অসমৰ ৰাইজে বিজেপিৰ দুৰ্নীতিৰ পৰা মুক্ত হ'ব বিচাৰিছে ৷ যাৰ বাবে দল-সংগঠন গঠন হৈছে নতুনকৈ ৷ নতুনকৈ গঠন হোৱা দল- সংগঠনসমূহক কংগ্ৰেছৰ সৈতে একত্ৰিত হোৱাৰ বাবে আহ্বান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

guwahati_appeal_for_unification
কংগ্ৰেছৰ লগত সকলো দল একত্ৰিত হওক: দেৱব্ৰত শইকীয়া

By

Published : Oct 3, 2020, 3:48 PM IST

গুৱাহাটী, ৩ অক্টোবৰ :সকলো দল সংগঠনকে কংগ্ৰেছ দলৰ লগত একত্ৰিত হৈ বিজেপি দলৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহ্বান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । কংগ্ৰেছ দলৰ অবিহনে বিজেপিক প্ৰতিৰোধ কৰাটো অসম্ভব বুলি মন্তব্য কংগ্ৰেছ নেতাজনৰ ।

বিৰোধী দলপতি গৰাকীয়ে কয় যে, অসমত এটা-দুটাকৈ বহুকেইটা আঞ্চলিক দল গঠন হ'ল, আকৌ দুই-একোটা দল ধ্বংস হৈয়ো গ'ল ৷ এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰো প্ৰস্তাৱিত দলটোৱে আত্মপ্ৰকাশ কৰিলে । এই সকলো সংগঠনে আঞ্চলিক দল গঠন কৰাৰ মূলতঃ বিজেপি দলৰ অপশাসন আৰু স্বৈৰাছাৰী শাসনৰ বিৰোধিতা বুলি গণ্য কৰা হৈছে ৷

কংগ্ৰেছৰ লগত সকলো দল একত্ৰিত হওক: দেৱব্ৰত শইকীয়া

বিজেপিয়ে ৰাজ্যত চলোৱা দুৰ্নীতিৰ বাবেই এই নতুন দলসমূহ গঠত হৈছে ৷ ৰাজনৈতিক ভাৱে ইয়াৰ ফলাফল যিয়ে নহওক, কংগ্ৰেছ দলে বিজেপিৰ অপশাসন আৰু তেওঁলোকৰ অসম বিৰোধী নীতি সমূহৰ লগত কেতিয়াও আপোচ কৰা নাই । বিজেপিয়ে যোৱা নিৰ্বাচন সমূহত একমাত্ৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক ভুৱা কেতবোৰ প্ৰতিশ্ৰুতি দি, ভুৱা সপোন দেখুৱাই ভোট সংগ্ৰহ কৰি চৰকাৰ গঠন কৰিছে ৷

কিন্তু চৰকাৰত অহাৰ পাচতেই তেওঁলোকৰ প্ৰতিশ্ৰুতিবোৰ সম্পূৰ্ণ বিপৰীত হৈ পৰিছে ৷ এই সকলোবোৰ কথা এতিয়া অসমীয়া ৰাইজে ভালদৰে বুজি উঠিছে আৰু ৰাইজে এখন অ-বিজেপি চৰকাৰ ৰাজ্যখনত বিচাৰিছে বুলি বিৰোধী দলপতি গৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে ৷

অন্য এক খবৰৰ বাবে: কৰিমগঞ্জৰ কান্দিগ্ৰামত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত সংঘাত

ABOUT THE AUTHOR

...view details