অসম

assam

ETV Bharat / city

ক'ভিড সম্পৰ্কত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

জিলা স্বাস্থ্য বিভাগক ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ক'ভিড আক্ৰান্তৰ সংস্পৰ্শলৈ অহাসকলকৰ চিনাক্তকৰণৰ বিষয়টোত অধিক গুৰুত্ব দিবলৈ আহ্বান জনাই জিলা উপায়ুক্তই । মহানগৰবাসীক ক'ভিড প্ৰটক'ল মানি চলাৰ বাবে আহ্বান ।

By

Published : Apr 9, 2021, 10:11 PM IST

ক'ভিড সম্পৰ্কত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক
ক'ভিড সম্পৰ্কত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী, ৯ এপ্ৰিল: বিমানবন্দৰ আৰু ৰেলৱে ষ্টেচনত যাত্ৰীসকলৰ ক'ভিড পৰীক্ষা কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । জিলাখনত ক'ভিডৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত জিলা উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অতিৰিক্ত উপায়ুক্তৰ উপৰি গুৱাহাটী উন্নয়ন প্ৰাধিকৰণ, বিমানবন্দৰ প্ৰাধিকৰণ, উত্তৰ পূৱ-সীমান্ত ৰেলৱে, ৰাষ্ট্ৰীয় দুৰ্যোগ বাহিনী আদি বিভাগৰ বিষয়াসকলে অংশ গ্ৰহণ কৰে ।

ক'ভিড সম্পৰ্কত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

উপায়ুক্ত পেগুৱে জিলা স্বাস্থ্য বিভাগক ক'ভিড নিয়ন্ত্ৰণত ক্ষেত্ৰত ক'ভিড আক্ৰান্তৰ সংস্পৰ্শলৈ অহাসকলকৰ চিনাক্তকৰণৰ বিষয়টোত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় । প্ৰতিজন ক'ভিড আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ অহা কমেও ৩০ জন ব্যক্তিলৈকে সহজতে চিনাক্ত কৰি সেইমতে সেই ব্যক্তিসকলৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা লবলৈ তেওঁ জিলা স্বাস্থ্য বিভাগক অনুৰোধ কৰে । জিলাবাসীক ক'ভিড প্ৰটক'ল মানি চলিবলৈ আহ্বান জনাই তেওঁ কয় যে একমাত্ৰ সাৱধানতা অৱলম্বনৰ দ্বাৰাহে ক'ভিডক জয় কৰিব পৰা যাব ।

লগতে পঢ়ক :সঁচাকৈয়ে এ আই ইউ ডি এফ নেতাৰ সৈতে যোগাযোগ কৰিছে নেকি বিজেপি নেতাই

ABOUT THE AUTHOR

...view details