অসম

assam

ETV Bharat / city

প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণৰ প্ৰাকমুহূৰ্তত আছুৰ জোঁৰ সমদল - guwahati

নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাই মোডীৰ অসম ভ্ৰমণৰ বিৰোধীতাৰে আৰম্ভ কৰিছে প্ৰতিবাদ ৷ শুকুৰবাৰে সন্ধিয়া আছুৱে উজান বজাৰস্থিত শ্বহীদ ন্যাসৰ পৰা বাহিৰ কৰা জোঁৰ সমদলক বাধা আৰক্ষীৰ ৷

guwahati-aasu-protest
প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণৰ প্ৰাকমুহূৰ্তত আছুৰ জোঁৰ সমদল

By

Published : Jan 22, 2021, 7:57 PM IST

গুৱাহাটী, 22 জানুৱাৰী : কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাই মোডীৰ অসম ভ্ৰমণৰ বিৰোধীতাৰে আৰম্ভ কৰিছে প্ৰতিবাদ ৷ শুকুৰবাৰে সন্ধিয়া আছুৱে উজান বজাৰস্থিত শ্বহীদ ন্যাসৰ পৰা জোঁৰ সমদল কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বিচাৰিছিল যদিও আছুৰ এই প্ৰতিবাদক বাধা দিয়ে অসম আৰক্ষীয়ে ৷

প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণৰ প্ৰাকমুহূৰ্তত আছুৰ জোঁৰ সমদল

এই প্ৰতিবাদত অংশগ্ৰহণ কৰি সমুজ্জ্বল ভট্টাচাৰ্যই কাইলৈ প্ৰধান মন্ত্ৰী অসমত থকা সময়ত মুখত কলা কাপোৰ পিন্ধি ৰাজ্যজুৰি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও ঘোষণা কৰে । আনহাতে সমুজ্জ্বল ভট্টাচাৰ্যই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি শ্বহীদ ন্যাসৰ পৰা আন্দোলন কৰি গৈ মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালে এতিয়া শ্বহীদ ন্যাসৰ পৰা ওলোৱা আন্দোলনক বাধা দিছে বুলি মন্তব্য কৰি ভয়াতুৰ আখ্যা দিয়ে সোণোৱালক ৷ উক্ত আন্দোলনত আছুৰ সভাপতি দীপাংক নাথেও অংশগ্ৰহণ কৰি সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰে ৷

দেওবাৰে প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাত কাৰ্যালয়ত 'কা'ৰ প্ৰতিলিপি দাহ আৰু ক‘লা পতাকা উত্তোলন কৰা হ‘ব বুলি জানিবলৈ দিয়ে দীপাংক নাথে । কা বাতিল নোহোৱালৈকে এই আন্দেোলন চলি থকিব বুলিও জানিবলৈ দিয়ে আছুৰ নেতৃত্বই ৷

লগতে পঢ়ক: নিৰ্বাচনৰ দিন ওচৰ চপাৰ লগে লগে নামৰূপ সাৰ কাৰখানালৈ মনত পৰিল চৰকাৰৰ !

ABOUT THE AUTHOR

...view details