অসম

assam

By

Published : Aug 13, 2019, 8:41 PM IST

ETV Bharat / city

নাগৰিকত্বক লৈ প্ৰশ্ন! কৰ্ণাটকত নিৰ্যাতন গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক

বহিঃৰাজ্যত পুনৰ নিৰ্যাতনৰ বলি অসমৰ শিক্ষাৰ্থী ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক কৰ্ণাটক হাম্পি লটাছ মহলত প্ৰৱেশত বাধা নিৰাপত্তাৰক্ষীৰ ৷ শাৰিৰীক গঠনৰ পৰা ভাৰতীয় নহয় বুলি কৈ অসম ক'ত আছে বুলি প্ৰশ্ন কৰে নিৰাপত্তাৰক্ষীয়ে ৷

নাগৰিকত্বক লৈ প্ৰশ্ন! কৰ্ণাটকত নিৰ্যাতন গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক

গুৱাহাটী,13 আগষ্টঃ বহিঃৰাজ্যত পুনৰ নিৰাপত্তাৰক্ষীৰ নিৰ্যাতনৰ বলি অসমৰ শিক্ষাৰ্থী ৷ এইবাৰ কৰ্ণাটকত শাৰিৰীকভাৱে অপদস্থ হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ এটি দল ৷ বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ 7গৰাকী ছাত্ৰই শৈক্ষিক ভ্ৰমণৰ বাবে গৈছিল কৰ্ণাটকলৈ ৷ কৰ্ণাটকৰ হাম্পি লটাছ মহলত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে নিৰাপত্তাৰক্ষীয়ে ভাৰতীয় নহয় বুলি কৈ প্ৰৱেশত বাধা দিয়ে শিক্ষাৰ্থীৰ দলটোক ৷ নিৰাপত্তাৰক্ষীয়ে শিক্ষাৰ্থীসকল ভাৰতীয় নহয় বুলি কোৱাৰ লগতে তেওঁলোকৰ শাৰিৰীক গঠন ভাৰতীয়ৰ দৰে নহয় বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ ছাত্ৰকেইজনে নিজৰ পৰিচয় পত্ৰ দেখুওৱাৰ লগতে নিজকে অসমৰ বুলি জনায় যদিও নিৰাপত্তাৰক্ষীয়ে নাজানে অসম ক'ত ৷ সমগ্ৰ ঘটনাৰ ভিডিঅ' ৰেকৰ্ডি কৰি শিক্ষাৰ্থীসকলে সেয়া অসমৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷

নাগৰিকত্বক লৈ প্ৰশ্ন! কৰ্ণাটকত নিৰ্যাতন গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক

বিগত 12 আগষ্টত ছাত্ৰসকলৰ সৈতে সংঘটিত হয় এই ঘটনা ৷ ছাত্ৰকেইজনে নিৰ্দিষ্ট পৰিমাণৰ মূল্য দি টিকট ক্ৰয় কৰাৰ পিচটো এইদৰে সাধাৰণ নিৰাপত্তাৰক্ষীৰ হাতত অপদস্থ হ'বলগীয়া হোৱা বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ এই ঘটনা এইয়েই প্ৰথম নহয় কিয়নো ইয়াৰ পূৰ্বেও নতুন দিল্লীত শাৰিৰীকভাৱে অপদস্থ হৈছিল অসমৰ শিক্ষাৰ্থী ৷ অসমৰ এগৰাকী শিক্ষাৰ্থীক তাজমহলত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছিল নিৰাপত্তাৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details