গুৱাহাটী, 14 নৱেম্বৰ : মহানগৰীৰ দীঘলীপুখুৰী পাৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সেউজ দিপাৱলী উদযাপন কৰে । ছাত্ৰ সংগঠনটোৰ সদস্যসকলে উক্ত স্থানত ৰংগোলী অংকন কৰাৰ লগতে মাটিৰ চাকিত বিভিন্ন ছবি অংকন কৰে । ৰাজ্যবাসীক প্ৰদূষণমুক্ত আৰু সেউজ দিপাৱলী উদযাপনৰ ক্ষেত্ৰত সজাগ কৰিবলৈ এই পদক্ষেপ হাতত লৈছে ABVPয়ে । পৰম্পৰা অক্ষুন্ন ৰখাৰ লগতে প্ৰদূষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি সেউজ দিপাৱলী উদযাপন কৰিবলৈ ৰাইজক আহ্বান জনাই সংগঠনটোৰ নেতৃত্বই ।
দীঘলীপুখুৰী পাৰত সেউজ দিপাৱলী উদযাপন ABVPৰ - অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ
ৰাজ্যবাসীক প্ৰদূষণমুক্ত আৰু সেউজ দিপাৱলী উদযাপনৰ ক্ষেত্ৰত সজাগ কৰিবলৈ এই পদক্ষেপ হাতত লৈছে ABVPয়ে ।
![দীঘলীপুখুৰী পাৰত সেউজ দিপাৱলী উদযাপন ABVPৰ দীঘলীপুখুৰী পাৰত সেউজ দিপাৱলী উদযাপন ABVPৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9540270-thumbnail-3x2-0.jpg)
দীঘলীপুখুৰী পাৰত সেউজ দিপাৱলী উদযাপন ABVPৰ
সংগঠনটোৰ প্ৰায় অৰ্ধশতাধিক সদস্যই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে এইবাৰ ফটকা অবিহনেই গুৱাহাটীত দিপাৱলী উদযাপন কৰা হ'ব । প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ নিৰ্দেশনা অনুসৰি ফটকা ফুটুৱা আৰু বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।
লগতে পঢ়ক :বিটিচি নিৰ্বাচনৰ পাচতে জেললৈ যাব হাগ্ৰামা : প্ৰমোদ বড়ো