গুৱাহাটী, ৭ ছেপ্টেম্বৰঃ অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত এইবাৰ কেন্দ্ৰীয় চৰকাৰ আগবাঢ়িছে সমগ্ৰ দেশতে জন গণনাপঞ্জীৰ কাম আৰম্ভ কৰিবলৈ। ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা অধিসূচনা অনুসৰি ২০২০ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ কৰা হ'ব দেশত জন গণনাপঞ্জীৰ কাম। প্ৰতিখন ৰাজ্যৰ প্ৰতিজন বাসিন্দাৰ ঘৰে ঘৰে গৈ এই জনগণনাপঞ্জীৰ কাম কৰা হব। কিন্তু অসমত কৰা নহ'ব এই গণনাপঞ্জীৰ কাম।
NRC ৰ পিছত NPR: আওতাৰ বাহিৰত অসম
সমগ্ৰ দেশতে জন গণনাপঞ্জীৰ কাম আৰম্ভ কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ৷ প্ৰতিখন ৰাজ্যৰ প্ৰতিজন বাসিন্দাৰ ঘৰে ঘৰে গৈ এই জন গণনাপঞ্জীৰ কাম কৰা হ'ব। কিন্তু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম সম্পূৰ্ণ হোৱাৰ ফলত অসমত কৰা নহ'ব এই গণনাপঞ্জীৰ কাম
যিহেতু অসমত ইতিমধ্যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ হৈ উঠিছে সেয়েহে জন গণনাপঞ্জী প্ৰস্তুতৰ ক্ষেত্ৰত অসমক ইয়াৰ আওতাৰ বাহিৰত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে। ২০২০ ৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিবলগীয়া এই গণনাপঞ্জী নাগৰিকত্ব আইনৰ ৩ অনুচ্ছেদৰ ৪ নং ধাৰা অনুসৰি কৰা হ'ব । স্বাভাৱিকতে এই প্ৰক্ৰিয়াই অসমতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো ইতিমধ্যে সম্পূৰ্ণ হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন আসোৱাহপূৰ্ণ বুলি বিভিন্ন পক্ষই অভিযোগ তুলি আহিছে। উল্লেখ্য যে নাগৰিকত্ব আইন ২০০৩ ( ৰেজিষ্ট্ৰেছন অৱ চিটিজেনছ এণ্ড ইছ্যু অৱ নেছনেল আইডেন্টিটি কাৰ্ড)ৰ অধীনত একেৰাহে একে ঠাইতে ছমাহ ধৰি বসবাস কৰি অহা যিকোনো লোকৰ নামেই এই জন গণনাপঞ্জীত অন্তৰ্ভূক্ত হ'ব । গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে বহুবাৰ ঘোষণা কৰিছে যে অসমৰ আৰ্হিত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা হ'ব । এফালে গৃহ মন্ত্ৰীৰ এনে ঘোষণা আৰু আনফালে দেশজুৰি এন পি আৰ প্ৰস্তুতৰ সিদ্ধান্ত । কেন্দ্ৰীয় চৰকাৰৰ পৰস্পৰ বিৰোধী এনেবোৰ সিদ্ধান্তৰ ফলশ্ৰুতি কি হয় সেয়াহে আগন্তুক সময়তহে জানিব পৰা হ'ব৷