অসম

assam

By

Published : Feb 2, 2020, 8:40 PM IST

ETV Bharat / city

ধোঁৱাচাঙত পশুপালন বিভাগ : ৫ বছৰে বন্ধ চৰকাৰী কুকুৰা ফাৰ্ম

বিগত 5 বছৰে বন্ধ হৈ আছে বিৰুবাৰীস্থিত চৰকাৰী কুকুৰা ফাৰ্ম ৷ ইয়াকে লৈ সৰৱ হৈ উঠিছে সমাজকৰ্মী তথা অঞ্চলবাসী ৷

বিৰুবাৰীস্থিত চৰকাৰী কুকুৰা ফাৰ্ম
৫ বছৰে বন্ধ চৰকাৰী কুকুৰা ফাৰ্ম

গুৱাহাটী, 2 ফেব্ৰুৱাৰী : উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ প্ৰকাশ পাইছে ৷ বিগত ৫ বছৰে বন্ধ হৈ আছে বিৰুবাৰীস্থিত চৰকাৰী কুকুৰা ফাৰ্ম ৷ ফাৰ্মৰ কৰ্মচাৰী বনৰছাদ আলীয়ে জানিবলৈ দিয়া অনুসৰি, ২০১৫ চনৰ পৰাই বন্ধ হৈ আছে ফাৰ্মখন ৷

আলীয়ে কয় যে, বন্ধ হোৱাৰ আগলৈকে কৰ্মচাৰীসকলে বনৰজা প্ৰজাতিৰ কুকুৰা উৎপাদন কৰি ৭০০টাৰ পৰা ৩৫০টা কণী উৎপাদন কৰিছিল ৷ বহু আত্মসহায়ক গোটক স্বাৱলম্বী কৰাৰ বাবে বনৰজা কুকুৰা পোৱালি ৯:১ (মতা মাইকী হিচাপ) দিয়া হৈছিল ৷ ইয়াৰ দ্বাৰা আত্মসহায়ক গোটসমূহো উপকৃত হৈছিল ৷ কিন্তু, ২০১৬ চনত ফাৰ্ম কৰ্তৃপক্ষৰ হাতত জমা থকা সমুদায় ধন বিভাগে ঘূৰাই লোৱাৰ পাচৰে পৰা ফাৰ্মখনৰ সকলো উৎপাদন বন্ধ হৈ আছে ৷

৫ বছৰে বন্ধ চৰকাৰী কুকুৰা ফাৰ্ম

আনহাতে, বিষয়টো সন্দৰ্ভত সমাজ কৰ্মী প্ৰশান্ত বৰ্মনে কয় যে, 'অতিশীঘ্ৰে ফাৰ্মখন খোলাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে তেওঁলোক ৰাজপথলৈ যাবলৈ বাধ্য হ'ব ৷ চৰকাৰী উৎসৱ-পাৰ্বনৰ নামত হাজাৰ কোটি টকা খৰচ কৰাৰ বিপৰীতে চৰকাৰে ফাৰ্মখন উজ্জীৱিত কৰিব নোৱাৰাৰ কাৰণ কি বুলিও প্ৰশান্ত বৰ্মনে প্ৰশ্ন উত্থাপন কৰে ৷

আৰু পঢ়ক : 'কা'ৰ বিৰুদ্ধে একত্ৰিত সংগ্ৰামত মহানগৰীৰ নাৰীসমাজ

ABOUT THE AUTHOR

...view details