গুৱাহাটী,19 মে’:২০২৪ চনৰ ভিতৰত অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগে ৰাজ্যত আৰু এটাও গৃহহীন পৰিয়াল নাথাকিব বুলি কৰা দাবী স্বাভাৱিকতে লক্ষণীয় বুলি বিবেচিত হৈছে । বৃহস্পতিবাৰে যোৰহাটত অনুষ্ঠিত এক ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা, কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং (Central minister Giriraj Singh) , ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Minister Ranjit Kumar Das) ২০২৪ চনৰ পিছত অসমত আৰু গৃহহীন পৰিয়াল নাথাকিব বুলি দাবী কৰিছে ৷
কিন্তু বিগত সময়ত আনতো বাদেই খোদ গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সমষ্টি পাটাছাৰকুছিতে ৰাজনৈতিক হেঁচাত চৰকাৰী আঁচনিৰ ঘৰ পাবলগীয়া পৰিয়াল শেহতীয়া বৰ্ষসমুহত বঞ্চিত হৈ আহিছে (Scam in distributing housing scheme for poor) ৷ ই টি ভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি, নামনি অসমৰ জিলাকেইখনত এই দুৰ্নীতি স্বজন-তোষনৰ পৰিমান বেছি ।
আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগে পি এম ৱাই -জি’ৰ অধীনত নিৰ্মিত ঘৰ সমুহৰ নিৰ্মাণৰ মান আৰু হিতাধিকাৰীয়ে পাবলগীয়া পুঁজি, পুঁজিৰ ব্যৱহাৰ ইত্যাদি বিষয় সন্দৰ্ভত সামাজিক হিচাপ পৰীক্ষা ( ছছিয়েল অডিট)ৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দি আহিছে যদিও সেয়া সম্ভৱ হৈ উঠা নাই (Rural poor in assam deprived of PMAY scheme) ।
গ্ৰামোন্নয়ন বিভাগৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি এই সামাজিক হিচাপ কৰাৰ দায়িত্ব ইতিমধ্যে গঠিত আছাম চ’ছাইটি ফ’ৰ চ’ছিয়েল অডিট চমুকৈ 'আছা' ক দিয়া হৈছিল যদিও সংস্থাটো সেই দায়িত্ব পালনৰ ব্যৰ্থ হৈছে (PMAY housing scheme fails in assam) । অভিযোগ অনুসৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে পি এম ৱাইৰ চ’ছিয়েল অডিট কৰোৱাৰ বাবে অতিৰিক্ত পুঁজি পাইছে যদিও সেই অনুসৰি অডিট বিশেষজ্ঞ নিযুক্তি নিদি বিষয়টো ওলোমাই ৰাখিছে ।
লগতে পঢ়ক:Mob lynching of Abhi Neel: কোন দিশে নীল অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ?