গুৱাহাটী, 4 জানুৱাৰীঃএশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে গঁড় চিকাৰৰ সংখ্যা । ২০১৯ বর্ষত উদ্যানখনত চোৰাং চিকাৰীৰ হাতত নিধন হৈছে মাত্ৰ তিনিটা গঁড় । ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, যোৱা দহ বছৰৰ তুলনাত ২০১৯ বর্ষত চোৰাং চিকাৰীৰ হাতত সৰ্বনিম্ন গঁড় নিধন হৈছে কাজিৰঙাত । ২০১৯ বর্ষত গোলাঘাট জিলাত দুটা আৰু বিশ্বনাথ জিলাত এটা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হোৱা বিপৰীতে নগাঁও, শোণিতপুৰ আৰু কাৰ্বি আংলং জিলাত সংঘটিত হোৱা নাই গঁড় হত্যাৰ ঘটনা ।
কাজিৰঙাত আশাৰ বতৰা : হ্ৰাস পাইছে গঁড় হত্যা ! - 2019 বর্ষত গঁড় নিধনৰ হাৰ সৰ্বনিম্ন কাজিৰঙাত
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2019 বৰ্ষত চোৰাং চিকাৰীৰ হাতত নিধন হৈছে মাত্ৰ তিনিটা গঁড় ৷ যোৱা দহ বছৰৰ তুলনাত 2019 বর্ষত গঁড় নিধনৰ হাৰ সৰ্বনিম্ন কাজিৰঙাত ৷
বিশ্ববিখ্যাত কাজিৰঙাৰ এশিঙীয়া গঁড়
আনহাতে, যোৱা বছৰ ভয়াৱহ বানপানীৰ কবলত পৰা ৰাষ্ট্ৰীয় উদ্যানখনত ৯০% এলেকা বানপানীত ডুব যোৱাত মৃত্যু হৈছে কেইবাটাও জন্তুৰ । জানিব পৰা মতে, যোৱা বছৰ বানপানীত কাজিৰঙাত ২০৮ টা বন্যপ্ৰাণী মৃত্যু হৈছিল । ১৮ টা গঁড়, ১৬৭ টা পহু, ১ টা হাতী, ১৮ টা বনৰীয়া গাহৰি আৰু ৩ টাকৈ কেটলাপহু যোৱাবছৰ কাজিৰঙাৰ বানপানীৰ ফলত মৃত্যু হৈছিল ।
আৰু পঢ়ক : পাকিস্তানৰ নানকানা ছাহিব গুৰুদ্বাৰত শিলাবৰ্ষণক গৰিহণা ভাৰতৰ