গুৱাহাটী, ১৫ জুলাই: গুৱাহাটী ৰে’লৱে ষ্টেচনত (Guwahati Railway Station) বৃহৎ পৰিমাণৰ সোণ জব্দ ( Gold seized in Guwahati) । ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ বৃহৎ পৰিমাণৰ সোণখিনি ৷ এক গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে ৰেল আৰক্ষীয়ে অভিযান চলাই ৰাজধানী এক্সপ্ৰেছৰ পৰা বৃহৎ পৰিমাণৰ সোণখিনি জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰী আটক কৰে ।
ধৃত সৰবৰাহকাৰীজন বিশাল সুখাদেও বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত সৰবৰাহকাৰীজনে নিমাটিঘাতৰ পৰা বাছেৰে গুৱাহাটীৰ পল্টন বজাৰলৈ আহিছিল । ইয়াৰ পৰা ৰে’লযোগে দিল্লীলৈ সোণখিনি লৈ যোৱাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীজনে ।