অসম

assam

By

Published : Nov 28, 2020, 4:02 PM IST

ETV Bharat / city

গগৈ বনাম মহন্তঃ কোনে দিছিল অসমৰ অৰ্থনীতিক নতুন গতি ?

অসমৰ অৰ্থনীতিক নতুন ৰূপ প্ৰদান কৰা খনিকৰজন আছিল প্ৰয়াত তৰুণ গগৈ ৷ অসমৰ অৰ্থনীতিক কোনে কৰিছিল বিধ্বস্ত আৰু কোনে দিছিল নতুন গতি ? সেই সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ডঃ ভগীৰথ কৰণৰ মন্তব্য ৷

গগৈ বনাম মহন্ত
গগৈ বনাম মহন্ত

গুৱাহাটী, ২৮ নৱেম্বৰঃ অৰ্থনৈতিকভাবে নিজৰ ভৰিত থিয় দিব পৰা, গতিশীল অৰ্থনীতিৰে আগবাঢ়ি যাব পৰাকৈ অসমক এটা নতুন ৰূপ দিয়া খনিকৰজনেই আছিল সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ । যি কথা ইতিমধ্যে তেওঁৰ সংগ এৰি অহা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো স্বীকাৰ কৰিছে । গগৈয়ে ৰাজ্যখনৰ এক লাউলোৱা অৱস্থাত শাসনভাৰ হাতত ল'বলগীয়া হৈছিল । পূৰ্বৰ অগপ চৰকাৰে অসমৰ অৰ্থনীতি ভাঙি থানবান কৰি থৈ গৈছিল । সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অসমৰ অৰ্থনীতিক ৰাজহাড় ভাঙি থৈ যোৱাৰ পিছত যি এক বিধ্বস্ত অৱস্থাৰ পৰা অসমক পুনৰ থিয় কৰাবলগীয়া হৈছিল সেয়া কোনো সাধাৰণ কথা নাছিল ।

কোনে দিছিল অসমৰ অৰ্থনীতিক নতুন গতি

বিত্ত বিভাগত এতিয়াও সেই সকলো পুৰণি তথ্য লিপিবদ্ধ হৈ আছে । ৰাজ্য শাসনৰ দায়িত্ব হাতত লৈয়েই গগৈয়ে বৃদ্ধি কৰিছিল ৰাজ্যিক বাজেটৰ পৰিমাণ । মহন্ত চৰকাৰৰ কাৰ্যকালৰ শেষৰটো বছৰ অৰ্থাৎ ২০০০-২০০১ চনৰ বাৰ্ষিক বাজেট আছিল ১,৫২০ কোটি টকা । কিন্তু ২০০৮-২০০৯ বৰ্ষত গগৈয়ে বাজেট ধাৰ্য কৰিছিল ৫,০১১ কোটি টকা । অসমক পুনৰ অৰ্থনৈতিকভাবে টনকিয়াল কৰিবলৈ গগৈয়ে লোৱা সেই প্ৰয়াসক এতিয়াও স্মৰণ কৰে বহুতে ৷ প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ডঃ ভগীৰথ কৰণে কয় যে, গগৈ আছিল বিকশিত অসমৰ ৰূপকাৰ । মন কৰিবলগীয়া যে, যি সময়ত মহন্ত চৰকাৰৰ কাৰ্যকালত ২০০-২০০১ বৰ্ষত অসমৰ জনমুৰি আয় ১০,৭১৮ টকা আছিল, গগৈয়ে ২০০৭-২০০৮ বৰ্ষত সেই পৰিমাণ ২২,০৮৯ টকালৈ বৃদ্ধি কৰিবলৈ সক্ষম হয় । মুঠ ঘৰুৱা উৎপাদনো মহন্তৰ দিনত আছিল ২.৮ শতাংশ । কিন্তু গগৈৰ আমোলত ই ৮ শতাংশ বৃদ্ধি পায় ।

পৰিকল্পনাৰ ধনো দিছপুৰত শাসনত বহাৰে পৰাই গগৈয়ে বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছিল । ২০০০-২০০১ ত এই পৰিমাণ ১,১৩৮.২৩ কোটি হোৱাৰ বিপৰীতে ২০০১-২০০৮ ত হয়গৈ ১৫,৬০৮.৩৯ কোটি । আধুনিক অসম গঢ়াৰ কেইটামান সৰু উদাহৰণ- গগৈৰ কাৰ্যকালতে ৰাজ্যত ১৪ হাজাৰ কিল'মিটাৰ পথ নতুনকৈ পকী কৰা হয় । এহেজাৰখন কাঠৰ দলং পকীলৈ ৰূপান্তৰিত কৰা হয় । ৫৩ খন নেছনেল গেমছ অসমত অনুষ্ঠিত কৰা হয়, গুৱাহাটীত তিনিখনকৈ নতুন ফ্লাই অভাৰ নিৰ্মাণ কৰা হয়, পৰিবহণ নিগমক পুনৰুজ্জীৱিত কৰা হয় গগৈৰ দিনতেই । একেদৰে, ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো নতুন দলং নিৰ্মাণ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক ১২০ কোটি টকা ব্যয়েৰে চুপাৰ স্পেচিয়েলিটি হাস্পতাল ৰূপে গঢ়া হয় তেওঁৰ কাৰ্যকালতে । গগৈৰ দিনৰে বহু আঁচনি বৰ্তমানৰ চৰকাৰে নতুন নামাকৰণ কৰি চলাই আছে । এয়া মাত্ৰ কেইটামান উদাহৰণহে ।

লগতে পঢ়ক :প্ৰতিবাদ দিৱস উপলক্ষে আলফা(স্বাঃ)ৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details