অসম

assam

ETV Bharat / city

অৱশেষত আৰম্ভ হ'ল পৌৰ নিগমৰ জাৱৰৰ পৰা বিদ্যুৎ উৎপাদনৰ প্ৰকল্প

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত আৰম্ভ হ’ল গুৱাহাটী পৌৰ নিগমে জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা প্ৰকল্পৰ কাম (GMC's project of converting Waste Materials to Electricity) ৷ পাঁচবছৰ পূৰ্বে মহানগৰীৰ পল্টন বজাৰৰ বৰছলা বিলৰ কাষত স্থাপন কৰা হৈছিল প্ৰকল্পটো ৷

By

Published : Feb 11, 2022, 8:23 AM IST

gmcs project of converting waste materials to electricity is start
পৌৰ নিগমৰ জাৱৰৰ পৰা বিদ্যুৎ উৎপাদনৰ প্ৰকল্প

গুৱাহাটী, 11 ফেব্ৰুৱাৰী :গুৱাহাটী পৌৰ নিগমে জাৱৰৰ পৰা বিদ্যুৎ উৎপাদন (GMC's project of converting Waste Materials to Electricity) কৰাৰ বাবে পাঁচবছৰ পূৰ্বে পল্টন বজাৰৰ বৰছলা বিলৰ কাষত স্থাপন কৰা প্ৰকল্পটো বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা হয় । উল্লেখ্য যে, ২০১৫ চনতে এই প্ৰকল্পটোৰ কাম আৰম্ভ কৰা হৈছিল । দুবছৰৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰি কাৰ্যক্ষম কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল । কিন্তু পৌৰ নিগম কৰ্তৃপক্ষৰ চৰম অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে প্ৰকল্পটো সময়ত সম্পূৰ্ণ হৈ নুঠিল ।

অৱশেষত দীৰ্ঘদিনৰ বিৰতিৰ অন্তত ২০২০ চনত এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰি উদ্ধোধন কৰা হয় যদিও প্ৰকল্পটো কাৰ্যক্ষম কৰি তোলা নহ'ল । পৌৰ নিগমে এই প্ৰকল্পটো স্থাপনৰ বাবে জি পি এছ ৰিনুৱেল এলুমিনিটেড প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোক দায়িত্ব দিছিল । প্ৰকল্পটোৰ বাবে পৌৰ নিগমে ১.৪৯ কোটি টকা খৰচ কৰে । প্ৰকল্পটো নিৰ্মাণৰ উদ্দেশ্যে আছিল মহানগৰীত দৈনিক উৎপাদন হোৱা জাৱৰৰ পৰা বিজ্ঞানসম্মতভাৱে বিদ্যুৎ শক্তি উৎপাদন কৰা ।

পৌৰ নিগমৰ জাৱৰৰ পৰা বিদ্যুৎ উৎপাদনৰ প্ৰকল্প

এই বিদ্যুৎ শক্তিৰ দ্বাৰা মহানগৰীৰ ৰাস্তাৰ বিজুলী বাতি জ্বলোৱাটো আছিল প্ৰধান উদ্দেশ্য । প্ৰকল্পটোৰ বাবে তিনিটাকৈ বৃহৎ টেংকি স্থাপন কৰা হৈছিল । প্ৰথমতে এটা টেংকিত সংগ্ৰহ কৰা জাৱৰবোৰ ভৰাই তাত কেঁচা আৰু শুকান জাৱৰবোৰ ভাগ কৰাৰ লগতে বৰ্জিত প্লাষ্টিকবোৰ আঁতৰ কৰা হয় । তাৰ পিছত কেঁচা জাৱৰবোৰ দ্বিতীয়টো টেংকীত ভৰাই নিষ্কাষণ কৰি সেইবোৰ বিজ্ঞানসন্মতভাৱে তৃতীয় টেংকীত ভৰাই মিথাইল গেছ উৎপাদন কৰা হয় । ইয়াৰ পাছত বিশেষ জেনেৰেটৰ ব্যৱহাৰ কৰি শেষত মিথাইল গেছৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা হয় ।

এই বিদ্যুৎ শক্তিৰে পল্টনবজাৰ এলেকাৰ ২০০ টা ৰাস্তাৰ বিজুলী বাতি জ্বলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা কৰিছিল । প্ৰকল্পটো যোৱা বছৰতে সম্পূৰ্ণ হোৱাৰ পিছতো আজিলৈকে বিজুলী বাতি জ্বলোৱা দূৰৈৰ কথা বিদ্যুৎ শক্তি উৎপাদনৰ কামে আৰম্ভ হোৱা নাই । প্ৰকল্পটোৰ জৰিয়তে দৈনিক ৫ টন জাৱৰৰ পৰা ৭০০ ইউনিট মিথাইল গেছ উৎপাদন কৰাৰ ক্ষমতা নিৰ্ধাৰণ কৰা হৈছে । মনকৰিবলগীয়া যে, গুৱাহাটীত দৈনিক ৬০০ টন জাৱৰ সৃষ্টি হয় ।

পৌৰ নিগমৰ জাৱৰৰ পৰা বিদ্যুৎ উৎপাদনৰ প্ৰকল্প

আচলতে এই অভিলাষী প্ৰকল্পটো জাৱৰৰ অভাৱৰ বাবে নহয় পৌৰ নিগমৰ সদিচ্ছাৰ অভাৱৰ বাবেহে দীৰ্ঘদিনে কাৰ্যক্ষম হৈ উঠা নাছিল । ইপিনে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই এই প্ৰকল্পটো বৃহস্পতিবাৰৰ পৰা কাৰ্যক্ষম হোৱাৰ কথা সদৰি কৰি কয় যে, প্ৰকল্পটোৰ জৰিয়তে দৈনিক ৫ টন জাৱৰৰ পৰা ৮০০ ইউনিট বিজুলী উৎপাদন কৰা হ'ব । তেওঁ জানিবলৈ দিয়া অনুসৰি, পৌৰ নিগমৰ ৯, ১০ আৰু ১৪ নম্বৰ ৱাৰ্ড এলেকাৰ জাৱৰ সংগ্ৰহ কৰি এই জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা হ'ব ।

লগতে পঢ়ক :পাঁচ বছৰেও কাৰ্যক্ষম নহ'ল GMC ৰ জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা প্ৰকল্প

ABOUT THE AUTHOR

...view details