অসম

assam

ETV Bharat / city

পাঁচ বছৰেও কাৰ্যক্ষম নহ'ল GMC ৰ জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা প্ৰকল্প

গুৱাহাটী পৌৰ নিগমে জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে ২০১৫ চনতে এটা প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল । কিন্তু ২০২০ চনতহে প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হয় যদিও আজিলৈকে কাৰ্যক্ষম হৈ উঠা নাই প্ৰকল্পটো ।

By

Published : Nov 13, 2021, 10:54 PM IST

gmc's project of converting waste materials to electricity is still a dream
পাঁচ বছৰেও কাৰ্যক্ষম নহ'ল GMC ৰ জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা প্ৰকল্প

গুৱাহাটী, ১৩ নৱেম্বৰ : গুৱাহাটী পৌৰ নিগমে জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰাৰ বাবে পাঁচবছৰ পূৰ্বে পল্টন বজাৰৰ বৰছলা বিলৰ কাষত স্থাপন কৰা প্ৰকল্পটো আজি পৰ্যন্ত কাৰ্যক্ষম হৈ উঠা নাই । যোৱা ২০১৫ চনতে এই প্ৰকল্পটোৰ কাম আৰম্ভ কৰা হৈছিল । দুবছৰৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰি কাৰ্যক্ষম কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল । কিন্তু পৌৰ নিগম কৰ্তৃপক্ষৰ চৰম অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে প্ৰকল্পটো সময়ত সম্পূৰ্ণ হৈ নুঠিল । ২০২০ চনতহে প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হয় যদিও প্ৰকল্পটো আজিলৈকে কাৰ্যক্ষম হৈ উঠা নাই ।

পৌৰ নিগমে এই প্ৰকল্পটো স্থাপনৰ বাবে জি পি এছ ৰিনুৱেল এলুমিনিটেড প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোক দায়িত্ব দিছিল । প্ৰকল্পটোৰ বাবে পৌৰ নিগমে ১.৪৯ কোটি টকা খৰচ কৰিছে । প্ৰকল্পটো নিৰ্মাণৰ উদ্দেশ্যে আছিল মহানগৰীত দৈনিক উৎপাদন হোৱা জাৱৰৰ পৰা বিজ্ঞানসম্মতভাবে বিদ্যুৎ শক্তি উৎপাদন কৰা ৷ এই বিদ্যুৎ শক্তিৰ দ্বাৰা মহানগৰীৰ ৰাস্তাৰ বিজুলী বাতি জ্বলোৱাটো আছিল প্ৰধান উদ্দেশ্য । প্ৰকল্পটোৰ বাবে তিনিটাকৈ বৃহৎ টেংকি স্থাপন কৰা হৈছে । প্ৰথমতে এটা টেংকিত সংগ্ৰহ কৰা জাৱৰবোৰ ভৰাই তাত কেঁচা আৰু শুকান জাৱৰবোৰ ভাগ কৰাৰ লগতে বৰ্জিত প্লাষ্টিকবোৰ আঁতৰ কৰা হয় । তাৰ পিছত কেঁচা জাৱৰবোৰ দ্বিতীয়টো টেংকীত ভৰাই নিষ্কাষণ কৰি সেইবোৰ বিজ্ঞানসন্মতভাৱে তৃতীয় টেংকীত ভৰাই মিথাইল গেছ উৎপাদন কৰা হয় ।

পাঁচ বছৰেও কাৰ্যক্ষম নহ'ল GMC ৰ জাৱৰৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা প্ৰকল্প

বিশেষ জেনেৰেটৰ ব্যৱহাৰ কৰি শেষত মিথাইল গেছৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা হয় । এই বিদ্যুৎ শক্তিৰে পল্টনবজাৰ এলেকাৰ ২০০ টা ৰাস্তাৰ বিজুলী বাতি জ্বলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । প্ৰকল্পটো যোৱা বছৰতে সম্পূৰ্ণ হোৱাৰ পিছতো আজিলৈকে বিজুলী বাতি জ্বলোৱা দূৰৈৰ কথা বিদ্যুৎ শক্তি উৎপাদনৰ কামে আৰম্ভ হোৱা নাই । এই সম্পৰ্কত প্ৰকল্পটোৰ কৰ্মচাৰী মোহন সিঙে জানিবলৈ দিয়া অনুসৰি, জাৱৰ নানিলে ক’ৰ পৰা কাম আৰম্ভ হ’ব । মেছিনবোৰ ব্যৱহাৰ নকৰাকৈ এনেদৰে পেলায় থৈ দিলে এইবোৰ বেয়া হৈ যাব । প্ৰকল্পটোৰ জৰিয়তে দৈনিক ৫ টন জাৱৰৰ পৰা ৭০০ ইউনিট মিছাইল গেছ উৎপাদন কৰাৰ ক্ষমতা নিৰ্ধাৰণ কৰা হৈছে ।মনকৰিবলগীয়া যে গুৱাহাটীত দৈনিক ৬০০ টন জাৱৰ সৃষ্টি হয় । আচলতে জাৱৰৰ অভাৱৰ বাবে নহয় পৌৰ নিগমৰ সদিচ্ছাৰ অভাৱৰ বাবেহে অভিলাষী প্ৰকল্পটো কাৰ্যক্ষম হৈ উঠা নাই ।

লগতে পঢ়ক :মূল সুঁতিলৈ ঘূৰি আহিল 47 গৰাকী DNLA উগ্ৰপন্থী

ABOUT THE AUTHOR

...view details