অসম

assam

ETV Bharat / city

অবৈধভাৱে ব্যৱসায় চলোৱা হোটেল-ৰেষ্টুৰেন্টত চলিল গুৱাহাটী পৌৰ নিগমৰ অভিযান

গুৱাহাটী পৌৰ নিগমৰ অভিযানকাৰী দলে সোমবাৰে বশিষ্ঠ মহানগৰী এলেকাত ফাষ্ট ফুড, হোটেল, চাহৰ দোকান, মিঠাইৰ কাৰখানা আৰু গুদামকে ধৰি ৩৫ খন ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলায় (GMC's operation in Restaurents of Guwahati) । পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকা ব্যৱসায়ী প্ৰতিষ্ঠানকেইখনৰ পৰা ২,৩৩, ০০০ টকা জৰিমণা আদায় কৰে

অবৈধভাৱে ব্যৱসায় চলোৱা হোটেল-ৰেষ্টুৰেন্টত চলিল গুৱাহাটী পৌৰ নিগমৰ অভিযান

By

Published : Jan 25, 2022, 7:13 AM IST

গুৱাহাটী, 25 জানুৱাৰী :গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাৱে ব্যৱসায় চলাই থকা আৰু অস্বাস্থ্যকৰ পৰিৱেশত নিয়ম উলংঘা কৰি মহানগৰীত গ্ৰাহকক খোৱা সামগ্ৰী বিক্ৰী কৰি থকা ব্যৱসায়ীৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে অভিযান অব্যাহত ৰাখিছে (GMC on mission against restaurents without trade lisence) । গুৱাহাটী পৌৰ নিগমে সোমবাৰে মহানগৰীৰ বশিষ্ঠ এলেকাত অভিযান চলায় ।

অবৈধভাৱে ব্যৱসায় চলোৱা হোটেল-ৰেষ্টুৰেন্টৰ পৰা ২,৩৩, ০০০ টকা জৰিমণা আদায় পৌৰ নিগমৰ

গুৱাহাটী পৌৰ নিগমৰ অভিযানকাৰী দলে ফাষ্ট ফুড, হোটেল, চাহৰ দোকান, মিঠাইৰ কাৰখানা আৰু গুদামকে ধৰি ৩৫ খন ব্যৱসায়ীক প্ৰতিষ্ঠানত অভিযান চলায় (GMC's operation in Restaurents of Guwahati) । পৌৰ নিগমৰ অভিযানকাৰী দলে ইয়াৰে ছখন ব্যৱসায়ীক প্ৰতিষ্ঠানে গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায় চলাই থকা ধৰা পেলায় ।

অবৈধভাৱে ব্যৱসায় চলোৱা হোটেল-ৰেষ্টুৰেন্টত চলিল গুৱাহাটী পৌৰ নিগমৰ অভিযান

গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ(Trade lisence ofGuwahati Municipal Corporation) নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকা ব্যৱসায়ী প্ৰতিষ্ঠান কেইখন হৈছে ক্ৰমে বশিষ্ঠ এলেকাৰ অতি জনপ্ৰিয় মিঠাইৰ দোকান শৰ্মা এণ্ড চুইটচৰ মিঠাইৰ কাৰখানা, তিবাৰী চুইটছ বেকাৰী, শিৱা ষ্টুডিঅ', বিভা চুইটচ কাৰখানা, এছ ভি ফেশ্বন, আৰিফ ফাৰ্নিছিং ।

গুৱাহাটী পৌৰ নিগমৰ অভিযানকাৰী দলে গুৱাহাটী পৌৰ নিগমৰ ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ অবৈধভাব ব্যৱসায়ী চলাই থকা ব্যৱসায়ী প্ৰতিষ্ঠানকেইখনৰ পৰা ২,৩৩, ০০০ টকা জৰিমণা আদায় কৰাৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠানকেইখনৰ বিৰুদ্ধে পৌৰ নিগমে কাৰণ দৰ্শোৱা জাননী দিয়ে।
লগতে পঢ়ক :FIR against Kirtikamal Bora : কীৰ্তিকমল বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ

ABOUT THE AUTHOR

...view details