গুৱাহাটী, 4 জুন:গুৱাহাটী পৌৰ নিগমৰ পৰিষদ (Guwahati Municipal Corporation) গঠন হোৱাৰ এমাহ হ'ল যদিও গুৱাহাটীৰ উন্নয়নৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নৱগঠিত বিজেপি নেতৃত্বধীন পৰিষদখনে কোনো আঁচনি গহণ কৰা নাই (Guwahati Municipal Corporation has not taken any new scheme) । উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন পৌৰ নিগমৰ পৰিষদখনে বিগত 13 মে'ত আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ।
বিজেপি নেতৃত্বাধীন পৌৰ নিগমৰ পৰিষদখনে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰা 20 দিন উকলি গ'ল যদিও এইপৰ্যন্ত কোনোধৰণৰ আঁচনি গ্ৰহণ কৰা নাই । যাৰ বাবে গুৱাহাটীৰ উন্নয়নৰ কাম স্থবিৰ হৈ পৰিছে । এই ক্ষেত্ৰত পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰনীয়া আৰু ডেপুটি মেয়ৰে এই ক্ষেত্ৰত আগভাগ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে (Allegation against GMC Mayor Mrigen Sarania) ।
এইক্ষেত্ৰত কাউন্সিলৰসকলৰ মাজত ক্ষোভৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । মনকৰিবলগীয় যে, শেহতীয়াকৈ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি দলে বৃহৎ সাফল্য লাভ কৰিছিল । পৌৰ নিগমৰ নিৰ্বাচনত (GMC polls 2022 results) ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৬ টা ৱাৰ্ডতে বিজয় সাব্যস্ত কৰিছিল বিজেপি দলে । তাৰ লগতে 2 টা ৱাৰ্ডত বিজেপিৰ মিত্ৰ দল অগপ দলে দখল কৰিছিল ।