গুৱাহাটী, ২২ অক্টোবৰ :ৰাজ্যত শেহতীয়াকৈ বিভিন্ন কেলেংকাৰীত নাম সাঙোৰ খাইছে বহু ৰৌ-বৰালীৰ ৷ সমাজৰ মুধা-ফুটা ব্যক্তি, বিয়াগোম বিষয়া কিম্বা ৰাজনৈতিক নেতা ৷ এক কথাত অসম আৰক্ষীৰ ওচৰত হাই প্ৰফাইল অপৰাধীৰ গোচৰ ভৰি পৰিছে ৷ এইবাৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল গুৱাহাটী পৌৰ নিগমৰ এগৰাকী সহকাৰী অভিযন্তা ৷
অভিযুক্ত সহকাৰী অভিযন্তাজনৰ নাম দিবাকৰ মালী বুলি জানিব পৰা গৈছে । শুকুৰবাৰে পৌৰ নিগমৰ ফাঁচী বজাৰ কাৰ্যালয়তে নগদ ৫ হাজাৰ টকা উৎকোচ লৈ থকা সময়তে হাতে-লোটে ধৰা পৰে মালী ৷ উল্লেখযোগ্য যে, দুৰ্নীতি নিবাৰক শাখাই চলোৱা এক অভিযানত গ্ৰেপ্তাৰ হয় গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা গৰাকী ।