গুৱাহাটী,২২জুন: ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থাকোতে চৰ্চালৈ আহিছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন । যোৱা দুটা বছৰে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত নকৰি বিজেপি দলে চলাই গৈছে গুৱাহাটী পৌৰ নিগম । গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত নকৰাকলৈ বিৰোধী কংগ্ৰেছ দলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই পৌৰ নিগম নিৰ্বাচন সন্দৰ্ভত কয় বিধানসভা নিৰ্বাচনলৈ কেইটামান মাহ থাকোতে বিজেপিয়ে যদি পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰে এই নিৰ্বাচনত বিজেপি পৰাজিত হোৱাটো নিশ্চিত আৰু এই পৰাজয় বিজেপি দলক বিধানসভা নিৰ্বাচনত বৃহৎ ক্ষতি কৰিব । পৰাজয়ৰ ভয়তে বিজেপিয়ে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰা নাই বুলিও মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰাকীয়ে । বিজেপি আৰু অগপ দলে কেতিয়াও পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত নকৰে, কংগ্ৰেছ দলে সদায় পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰি আহিছিল বুলিও মন্তব্য কৰি ৰঞ্জন বৰাই বিজেপি আৰু অগপক সমালোচনা কৰে।
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পাতিলে বিজেপি পৰাজিত হ'ব : দাবী কংগ্ৰেছৰ - ranjan bora
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পাতিলে বিজেপি পৰাজিত হ'ব । পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি পৰাজিত হ'লে আগন্তক বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে সৃষ্টি হ'ব বৃহৎ সমস্যা ৷ সেয়েহে বিজেপিয়ে পৌৰ নিগমৰ নিৰ্বাচন পাতিবলৈ ভয় কৰিছে । পৌৰ নিগমৰ নিৰ্বাচন অবিহনে অগণতান্ত্ৰিক ভাৱে চলি আছে গুৱাহাটী পৌৰ নিগম ।
![গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পাতিলে বিজেপি পৰাজিত হ'ব : দাবী কংগ্ৰেছৰ gmc election congress reaction](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7727314-1078-7727314-1592838685711.jpg)
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পাতিলে বিজেপি পৰাজিত হ'ব : দাবী কংগ্ৰেছৰ
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন পাতিলে বিজেপি পৰাজিত হ'ব : কংগ্ৰেছ
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ ই টিভি ভাৰতৰ ফালৰ পৰা বিজেপিৰ প্ৰাক্তন মেয়াৰ মৃগেন শৰণীয়াৰ লগতে বিজেপিৰ কাউন্সিলাৰ লগত যোগাযোগ কৰা হৈছিল যদিও এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে মৃগেন শৰণীয়া আৰু বিজেপি দলৰ কাউন্সিলাৰ সকলে ।