গুৱাহাটী, ৯ নৱেম্বৰ : গুৱাহাটী মহানগৰীক পৰিষ্কাৰ তথা চাফ-চিকুণ কৰি ৰখা বাবে গুৱাহাটী পৌৰ নিগমৰ কঠোৰ ব্যৱস্থা । ৰাজহুৱা স্থানত অবৈধভাৱে লগোৱা যিকোনো ধৰণৰ বিজ্ঞাপনৰ বিৰুদ্ধে কঠোৰ হ'ব পৌৰ নিগম । মঙলবাৰে পৌৰ আয়ুক্ত দেৱশীষ শৰ্মাই এক সংবাদমেল যোগে এই ঘোষণা কৰে । হোষ্টেল, টিউচন ইনষ্টিটিউট, ভাড়া ঘৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অবৈধ বিজ্ঞাপন বিৰুদ্ধে নিগমে বুধবাৰৰ পৰা মহানগৰীত চলাব অভিযান ।
শেহতীয়াভাৱে নতুনকৈ মুকলি হোৱা দিছপুৰ চুপাৰমাৰ্কেট সংযোগী উৰণীয়া সেঁতুত একাংশই লগোৱা বিজ্ঞাপন প্ৰসংগ উত্থাপন কৰি শৰ্মাই চাফ-চিকুণ কৰি ৰখাৰ বাবে আহ্বান কৰিও সফলতা নোপোৱাৰ কথা কয় । বাধ্যত পৰি একাংশ নাগৰিকৰ বাবে কঠোৰ নীতি-নিয়ম লোৱাৰ কথাও উল্লেখ কৰে শৰ্মাই । মহানগৰৰ ভিতৰত এতিয়া পৰা নিগমৰ অনুমতি অবিহনে লগোৱা পোষ্টাৰ বিৰুদ্ধে গুৱাহাটীৰ পৌৰ নিগম আইনৰ ৩৯০ নং দফাৰ অধীনত ব্যৱস্থা গ্ৰহণৰ লগতে প্ৰয়োজনত গোচৰ দাখিল কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে আয়ুক্ত গৰাকীয়ে ।
আনহাতে, মহানগৰীবাসীক এইদৰে পোষ্টাৰ লগাই থকা কোনো ব্যক্তিক দেখাৰ লগে লগেই নিজৰ ম’বাইলত আৱদ্ধ কৰি নিগমলৈ প্ৰেৰণৰ আহ্বান জনায় । তথ্যসহ ফটো প্ৰেৰণ কৰাজনলৈ নিগমে দিব ১০০০ টকাকৈ পুৰস্কাৰ । নিগমে মঙলবাৰে তথ্য-ফটো প্ৰেৰণৰ বাবে ৪টা ফোন নম্বৰ মুকলি কৰিছে । ফোন নম্বৰ 8811007000, 7399003001, 7399003002, 7399003004 ।