অসম

assam

ETV Bharat / city

নিশা খানাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলিল নৈশ বাছ - যোৰাবাট আৰক্ষী

গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখে গৈ আছিল নৈশ বাছখন ৷ যান্ত্ৰিক বিজুতিৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত বাছখনৰ আগৰ অংশ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ৷

নিশা খানাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলিল নৈশ বাছ

By

Published : Nov 21, 2019, 11:29 PM IST

গুৱাহাটী, 21 নৱেম্বৰ: বৃহস্পতিবাৰে নিশা খানাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত যান্ত্ৰিক বিজুতিৰ ফলত হঠাৎ জ্বলি উঠিল গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখী এখন নৈশ বাছ ৷ তিনিচুকীয়া অভিমুখে প্ৰায় প্ৰায় 50 যাত্ৰী যাত্ৰা কৰা AS-06BC-3477নম্বৰৰ বাছখন নিজ গন্তব্যস্থান অভিমুখে যাত্ৰা কৰাৰ সময়তে খানাপাৰাত 37নং ৰাষ্ট্ৰীয় পথতে চলন্ত অৱস্থাত জ্বলি উঠে ৷ বাছখনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত যাত্ৰীসকলৰ মাজত হুৱা-দুৱা লাগে যদিও বাছখনৰ চালক আৰু কৰ্মচাৰীৰ তৎপৰতাত যাত্ৰীসকল বাছখনৰ পৰা সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় ৷

নিশা খানাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলিল নৈশ বাছ

ইফালে ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় খানাপাৰাৰ লগতে যোৰাবাট আৰক্ষীৰ এটা দল ৷ অৱশেষত বহুসময় ধৰি যুঁজাৰ পাছত দিছপুৰৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে বাছখনৰ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে,অগ্নিকাণ্ডৰ ফলত বাছখনৰ আগৰ অংশ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ৷

আৰু পঢ়ক: মহানগৰীৰ সাউকুছিত অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details