গুৱাহাটী, 29 আগষ্ট: ৰাজ্য কঁপাই যোৱা অভি-নীল হত্যাকাণ্ডৰ 25 জন অভিযুক্তৰ জামিন আবেদন স্থগিত ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ অসম চৰকাৰৰ অধিবক্তা আৰু বিজন মহাজনৰ জামিন খাৰিজ কৰাৰ যুক্তি প্ৰদৰ্শনৰ অন্তত মহামান্য ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ আদালতে হত্যাকাণ্ডৰ 25 জন অভিযুক্তৰ উচ্চ ন্যায়ালয়ত কৰা জামিনৰ আবেদন স্থগিত ৰাখে । শুনানিৰ পাছত সাংবাদিকৰে হোৱা বাৰ্তালাপত অধিবক্তা বিজন মহাজনে কয় যে, আদালতে হত্যাকাণ্ডৰ অভিযুক্ত এজনৰো যদি জামিন মঞ্জুৰ কৰে তেন্তে তাৰ সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াতে বিৰূপ প্ৰভাৱ পৰিব ৷
অভি-নীল হত্যাকাণ্ড :উচ্চ ন্যায়ালয়ত 25 অভিযুক্তৰ জামিন স্থগিত - গুৱাহাটী উচ্চ ন্যায়ালয়
বৃহস্পতিবাৰৰ পাছত 45 জন অভিযুক্তৰ শাস্তি সন্দৰ্ভত ৰায়দান কৰিব উচ্চ ন্যায়ালয়ে ৷
অভি-নীল হত্যাকাণ্ড : উচ্চ ন্যায়ালয়ত 25 অভিযুক্তৰ জামিন স্থগিত
ইফালে ঘটনাৰ সাক্ষী সকলক একাংশ লোকে প্ৰৰোচিত কৰাৰ প্ৰয়াস সন্দৰ্ভত ডকমকা থানাত এক গোচৰ ৰুজু কৰা হৈছে বুলি তেঁও জানিবলৈ দিয়ে ৷ এতিয়া ঘটনাৰে জড়িত দোষীয়ে শাস্তি পাব নে নাই সেয়া আগন্তক দিনত আদালতৰ ৰায়দানৰ পাছতহে জানিব পৰা যাব ৷