গুৱাহাটী,18 ডিচেম্বৰ : ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৱগত কৰাৰ উদ্দেশ্যে সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ এটা দলে বুধবাৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক সাক্ষাৎ কৰে। এই সাক্ষাতৰ পাচতে সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে মন্তব্য কৰে যে,প্ৰতিবাদৰ সময়ত ধ্বংসাত্মক কাৰ্যত কংগ্ৰেছ কৰ্মী লিপ্ত হোৱাটো অপবাদ। কংগ্ৰেছক বদনাম কৰাৰ বাবেই বিজেপিয়ে এনেদৰে কংগ্ৰেছৰ নাম সাঙুৰিব চেষ্টা কৰিছে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷
আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক সাক্ষাৎ গৌৰৱ গগৈৰ - ভাস্কৰ জ্যোতি মহন্তক সাক্ষাৎ কৰে গৌৰৱ গগৈয়ে
অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক সাক্ষাৎ কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ প্ৰতিবাদৰ সময়ত ধ্বংসাত্মক কাৰ্যত কংগ্ৰেছ কৰ্মী লিপ্ত হোৱাটো অপবাদ বুলি জনাই গগৈয়ে ৷
প্ৰতিবাদত গুলীবিদ্ধ হোৱা বৰা-কলিতা সকলৰ নাম হিমন্ত বিশ্ব শৰ্মাই নলয় বুলি কটাক্ষ কৰে গৌৰৱ গগৈয়ে ৷ গগৈয়ে আশংকা ব্যক্ত কৰি কয় যে,প্ৰতিবাদৰ নামত হোৱা ধবংসাত্মক কাৰ্য-কলাপত বিজেপিৰ সহযোগী সংগঠনহে জড়িত আছে। অসমীয়া জাতি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে স্বত:স্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে বুলি মন্তব্য কৰাৰ লগতে গুলিবিদ্ধ বহু লোকৰ নাম আৰক্ষী সঞ্চালক প্ৰধানজনক পঢ়ি শুনাই গৌৰৱ গগৈয়ে । ধ্বংসাত্মক কাৰ্য-কলাপত যদি কংগ্ৰেছৰ কোনো লোক জড়িত আছে তেন্তে তেনে লোকক ৰাজ্য চৰকাৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলিও কয় গগৈয়ে।
কংগ্ৰেছৰ এটা দলে আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে বুধবাৰে মানৱ অধিকাৰ আয়োগ আৰু মুখ্য সচিবকো সাক্ষাৎ কৰে। লগতে সমগ্ৰ ঘটনাৰ ওপৰত সাংসদগৰাকীয়ে এক ন্যায়িক তদন্ত দাবী কৰে ৷
আৰু পঢ়ক : বাতিল কৰা হৈছে ৰে'ল সেৱা