বকো, 4 এপ্ৰিল: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিশাল জনসভাৰ দ্বাৰা কংগ্ৰেছে শক্তি প্ৰদৰ্শন কৰে । বকোৰ সোঁণতলীত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী নন্দিতা দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, শিল্পী নেকিব আৰু বাবু বৰুৱাই ।
হিমন্ত বিশ্ব শৰ্মা বিসম্বাদত পি এইচ ডি কৰা নেতা : গৌৰৱ গগৈ - বিসম্বাদত PhD কৰা নেতা
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বকোত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন ৷ বকোৰ সোঁণতলীত মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী নন্দিতা দাসৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷
নিৰ্বাচনী প্ৰচাৰ সভাত সাংসদ গৌৰৱ গগৈয়ে ভাষণ প্ৰসংগত কয় যে, হিমন্ত বিশ্ব শৰ্মা বিসম্বাদত পি এইচ ডি কৰা নেতা আৰু জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে ৰাজ্যত আনন্দ দিয়াৰ পৰিবৰ্তে বিষাদ হে দিছে ৰাজ্যবাসীক ৷ য’ত কা' আন্দোলনত বিজেপি চৰকাৰে হত্যা কৰিছিল পাঁচজনকৈ নিৰীহ লোকক । সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা এইবাৰ বিজেপি চৰকাৰক পৰিৱৰ্তন কৰিব লাগিব বুলি মন্তব্য কৰে ৷ অসমত এইবাৰ মহাজোঁটৰ চৰকাৰ গঠন হ'ব বুলি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ভাষণ প্ৰসংগত কয় ৷
লগতে পঢ়ক:অৱশেষত বাসগৃহত উপস্থিত আলফাৰ দ্বাৰা অপহৃত প্ৰণৱ কুমাৰ গগৈ