অসম

assam

ETV Bharat / city

৫ ছেপ্টেম্বৰত ঘোষণা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফল - গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক

অহা ৫ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফল (GU sixth semester result) ৷ স্নাতক পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ পুনৰ মূল্যায়নৰ ফলাফলো অহা ৫ ছেপ্টেম্বৰতে ঘোষণা কৰা হ’ব ।

GU sixth semester result
GU sixth semester result

By

Published : Sep 1, 2022, 10:50 PM IST

গুৱাহাটী, 1 ছেপ্টেম্বৰ: গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হৈ যোৱা স্নাতক মহলাৰ ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফল অহা ৫ ছেপ্টেম্বৰত ঘোষণা কৰা হ’ব । লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হৈ যোৱা স্নাতক পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ পুনৰ মূল্যায়নৰ ফলাফলো অহা ৫ ছেপ্টেম্বৰতে ঘোষণা কৰা হ’ব । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ তৰফৰ পৰা এই কথা সদৰী কৰা হৈছে ।

এই সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ তৰফৰ পৰা এক জাননী জাৰি কৰা হৈছে । ইপিনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হৈ যোৱা স্নাতক পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফলকলৈ ছ’চিয়েল মিডিয়াযোগে এক বিভ্ৰান্তিকৰ বাৰ্তা প্ৰচাৰ হৈ আছে বুলি জাননীখনৰ জৰিয়তে ষ্পষ্ট কৰা হৈছে । ইপিনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হৈ যোৱা স্নাতক পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ পুনৰ মূল্যায়নৰ বাবে আবেদন কৰা পৰীক্ষাৰ্থীসকলে পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ পুনৰ মূল্যায়নৰ বহীৰ ফলাফল গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহি চোৱাৰ ব্যৱস্থা কৰা হৈছে ।

৫ ছেপ্টেম্বৰত ঘোষণা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফল

অহা ১২ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈ এই ব্যৱস্থা কৰা হৈছে বুলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ তৰফৰ পৰা জাৰি কৰা জাননীখনৰ জৰিয়তে সদৰী কৰা হৈছে । স্নাতক পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফলক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

লগতে পঢ়ক:বাঁহৰ চুঙাৰ বটলেৰে প্লাষ্টিকক প্ৰত্যাহ্বান জনোৱা এক সেউজীয়া প্ৰয়াস

ABOUT THE AUTHOR

...view details