অসম

assam

ETV Bharat / city

কি পৰ্যায়ত আছে গুৱাহাটী বিশ্ববিদ্যালয় ‘আইডল কেলেংকাৰী’ৰ তদন্ত প্ৰক্ৰিয়া ! - অবৈধভাৱে 21 টা বিষয়ৰ পাঠ্যক্রম চলোৱা তদন্ত

স্বীকৃতি আৰু অনুমোদনহীনভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্রতিষ্ঠান চমুকৈ আইডলে অবৈধভাৱে 21 টা বিষয়ৰ পাঠ্যক্রম চলাই যোৱা সন্দর্ভত তদন্ত চলাই আছে দুখনকৈ কমিটিয়ে ৷

গুৱাহাটী বিশ্ববিদ্যালয় ‘আইডল কেলেংকাৰী’
গুৱাহাটী বিশ্ববিদ্যালয় ‘আইডল কেলেংকাৰী’

By

Published : Feb 10, 2020, 4:14 AM IST

গুৱাহাটী, 10 ফেব্ৰুৱাৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্রতিষ্ঠান চমুকৈ আইডলৰ বিভিন্ন কেলেংকাৰী কথা ইতিমধ্যেই উন্মোচিত হৈছে । শেহতীয়াকৈ ফাদিল হৈছিল স্বীকৃতি আৰু অনুমোদন অবিহনেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্রতিষ্ঠানটোৱে অবৈধভাৱে মুঠ 21 টা বিষয়ৰ পাঠ্যক্রম চলাই যোৱাৰ এক বৃহৎ কেলেংকাৰীৰ কথা ৷

গুৱাহাটী বিশ্ববিদ্যালয় আইডল কেলেংকাৰী

তাৰ পাচতেই এই বিষয়ে বিশ্ববিদ্যালয়খনৰ উপাচার্য ড৹ প্রতাপ জ্যোতি সন্দিকৈয়ে ঘোষণা কৰিছিল তদন্তৰ ৷ যাৰ বাবে গঠন কৰা হৈছিল দুখনকৈ তদন্ত কমিটি ৷ এই বৃহৎ কেলেংকাৰী সন্দৰ্ভত কমিটি দুখনে চলাই আছে তদন্ত প্ৰক্ৰিয়া । ইয়াৰে এখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰে গঠিত 7 জনীয়া কমিটি আৰু আনখন হৈছে প্ৰাক্তন মুখ্য ন্যায়াধীশ আফটাৱ হুছেইন শইকীয়াৰ নেতৃত্বত গঠিত এজনীয়া কমিটি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত দূৰ আৰু মুক্ত শিক্ষা প্রতিষ্ঠান

7 জনীয়া কমিটিটোৱে ঘটনাটোৰ তদন্ত কৰি এমাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল । কিন্তু এমাহ উকলি যোৱাৰ পিছতো প্ৰতিবেদন ৰাজহুৱা নকৰাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চৌদিশে ।

অৱশ্যে এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্ৰতাপ জ্যোতি সন্দিকৈয়ে ইটিভি ভাৰতৰ আগত কয় যে, প্ৰথমে সাতজনীয়া কমিটি খনে প্ৰতিবেদনটো মুখ্য ন্যায়াধীশৰ হাতত দাখিল কৰিব লাগিব । আইনী দিশসমূহ চালি জাৰি চোৱাৰ পাচতহে ৰাজহুৱা কৰিব পাৰিব প্ৰতিবেদন ।

আইডল কেলেংকাৰী

উল্লেখযোগ্য যে, যোৱা কিছুদিন পূৰ্বে তদন্ত ক্ষীপ্ৰগতিত কৰাৰ লগতে বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰাৰ দাবীত আছু আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তদন্ত আয়োগৰ ব্যক্তিগত সচিবৰ হাতত দুখনকৈ আবেদন জনাইছিল । মুঠ ৭৩,৯১২ গৰাকী শিক্ষাৰ্থীৰ ভৱিষ্যতলৈ অনিশ্চয়তা কঢ়িয়াই অনা এই কেলেংকাৰীত জড়িত সকলক অতি সোনকালে চিনাক্ত কৰি উচিত শাস্তি বিহাৰ দাবী তুলিছে বিভিন্ন মহলে ।

ABOUT THE AUTHOR

...view details