অসম

assam

ETV Bharat / city

ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে - ভূৱা এনকাউন্টাৰৰ অভিযোগ উচ্চ ন্যায়ালয়

ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য বিচাৰিছে উচ্চ ন্যায়ালয়ে । উচ্চ ন্যায়ালয়ে ১১ জানুৱাৰীত এই বিষয়টোৰ বাবে শুনানি ধাৰ্য কৰিছে (Gauhati high court seeks details about alleged fake encounter in Assam) ।

gauhati-high-court-seeks-details-about-alleged-fake-encounter-in-assam
ভূৱা এনকাউন্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য বিচাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

By

Published : Jan 3, 2022, 2:31 PM IST

গুৱাহাটী, 3 জানুৱাৰী : গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত শেহতীয়াকৈ সংঘটিত হোৱা ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত বিতং তথ্য বিচাৰিছে । উচ্চ ন্যায়ালয়ে বিষয়টোক গুৰুত্ব সহকাৰে বিবেচনা কৰি ১১ জানুৱাৰী তাৰিখে বিষয়টোৰ বাবে শুনানি ধাৰ্য কৰিছে (Gauhati high court seeks details about alleged fake encounter in Assam) ।

নতুন দিল্লীস্থিত জ্য়েষ্ঠ অধিবক্তা আৰিফ জোৱাদ্দাৰৰ এক জনস্বার্থজনিত এক আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে এক আদেশ জাৰি কৰে আৰু চৰকাৰী পক্ষক বিতং তথ্য দাখিলৰ বাবে নিৰ্দেশনা দিয়ে । জ্যেষ্ঠ অধিবক্তা আৰু ভাৰত চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মহাধিবক্তা ইন্দিৰা জয়সিঙে আবেদনকাৰী জোৱাদ্দাৰৰ হৈ যুক্তি আগবঢ়ায় ৷ যিয়ে এই ভূৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত এক নিৰপেক্ষ তদন্ত বিচাৰিছে ।

এই জনস্বার্থ জড়িত আবেদন সম্পৰ্কে যুক্তি আগবঢ়াই ইন্দিৰা জয়সিঙে কয় যে, এই ভূৱা এনকাউণ্টাৰৰ অভিযোগ ইমানেই গুৰুতৰ যে অসম মানবাধিকাৰ আয়েগে এই সম্পৰ্কে ইতিমধ্যেই নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈছে ।

অধিবক্তা আৰিফ জোৱাদ্দাৰ, যিয়ে এই জনস্বার্থজনিত আবেদন (নং ৮৬/২০২১) দাখিল কৰিছিল, তেওঁৰ মতে ২০২১ চনৰ মে’ মাহৰ পৰা ৮০ টা এনে ভূৱা এনকাউণ্টাৰ সংঘটিত হৈছিল ৷ ইয়াৰ ফলত ২৮ জন লোকৰ মৃত্য়ু হোৱাৰ লগতে ৪৮ জন লোক আহত হৈছিল ।

নিজৰ আবেদনত জোৱাদ্দাৰে এইসমূহ ঘটনাৰ নিৰপেক্ষ তদন্তৰ লগতে চিবিআই তদন্ত আৰু ন্য়ায়ালয়ৰ পর্যবেক্ষণত আৰক্ষীৰ বিশেষ গোটৰ দ্বাৰাও এক তদন্তৰ দাবী কৰিছিল । তেওঁ লগতে তদন্তৰ পাছত নিহত লোকসকলৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ বাবেও দাবী উত্থাপন কৰা হৈছিল ।

লগতে পঢ়ক :কেবিনেটৰ সিদ্ধান্তক সন্মান জনাই বিজেপি সাংসদ ডাঃ ৰাজদ্বীপে বিদায় দিলে PSO ক

For All Latest Updates

ABOUT THE AUTHOR

...view details