গুৱাহাটী, 6 অক্টোবৰ : বহু প্ৰতীক্ষিত বিটিচিৰ নিৰ্বাচনৰ অধিসূচনা অহা 20 নৱেম্বৰৰ ভিতৰত ঘোষণা কৰিবলৈ ৰাজ্যিক নিৰ্বাচনী আয়োগক আজি নিৰ্দেশ প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে । উল্লেখ্য যে ক'ভিড 19 ৰ বাবে নিৰ্বাচনৰ দিন অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছিল ।
বিটিচি নিৰ্বাচন : 20 নৱেম্বৰৰ ভিতৰত অধিসূচনা জাৰি কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ
বিটিচি নিৰ্বাচনৰ বাবে 20 নৱেম্বৰৰ ভিতৰত অধিসূচনা জাৰি কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ৷
20 নৱেম্বৰৰ ভিতৰত অধিসূচনা জাৰি কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ
সেই অনুসৰি যোৱা 4 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচন এতিয়াও অনুষ্ঠিত হোৱা নাই । এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱাস্বাৰ্থ জড়িত আবেদন দাখিল কৰা হৈছিল । আজি এই আবেদনৰ শুনানিত ৰাজ্যিক নিৰ্বাচনী আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰাত অসুবিধা দেখুৱাই এক শপতনামা দাখিল কৰিছিল যদিও আদালত সেই শপতনামাত সন্তুষ্ট নহ'ল । নিৰ্বাচনটো অনুষ্ঠিত কৰাৰ বাবে 20 নৱেম্বৰৰ আগতে অধিসূচনা জাৰি কৰাৰ বাবে আজি নিৰ্দেশ দিয়ে ন্যায়ালয়ে ৷