গুৱাহাটী, 11 জানুৱাৰী :উচ্চ ন্যায়ালয়ে ৰাজ্যত শেহতীয়াকৈ সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত অহা দুই সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ গৃহ বিভাগক উচ্চ ন্যায়ালয়ত বিস্তৃত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছে (Gauhati HC asked detailed affidavit on fake encounters) । গুৱাহাটী ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সুমিত্ৰ শইকীয়াৰ বিচাৰপীঠে ভুৱা এনকাউণ্টাৰৰ অভিযোগ সন্দৰ্ভত মঙলবাৰে শুনানী গ্ৰহণ কৰে ৷
ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ সচিব আৰু প্ৰধান সচিবক দুসপ্তাহৰ ভিতৰত ভুৱা এনকাউণ্টাৰৰ সম্পৰ্কত উচ্চ ন্যায়ালয়ত বিস্তৃত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছে ন্যায়াধীশ সুমিত্ৰ শইকীয়াৰ বিচাৰপীঠে (Gauhati HC orders Assam government on fake encounters) । উচ্চ ন্যায়ালয়ে যোৱা ৩ জানুৱাৰীত ন্যায়ালয়ত বিষয়টোক গুৰুত্ব সহকাৰে বিবেচনা কৰি ১১ জানুৱাৰী তাৰিখে বিষয়টোৰ বাবে শুনানি ধাৰ্য কৰিছিল ।
নতুন দিল্লীস্থিত জ্যেষ্ঠ অধিবক্তা আৰিফ জোৱাদ্দাৰৰ এক জনস্বার্থজনিত আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে এই আদেশ জাৰি কৰে । জ্যেষ্ঠ অধিবক্তা আৰু ভাৰত চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মহাধিবক্তা ইন্দিৰা জয়সিঙে আবেদনকাৰী জোৱাদ্দাৰৰ হৈ যুক্তি আগবঢ়ায় ৷