চলন্ত বাহনত দলবদ্ধ ধৰ্ষণ কিশোৰীক - : ৪ লম্পটৰ কামনাৰ বলি এগৰাকী কিশোৰী
পুনৰ লজ্জানত মহানগৰী ৷ চাৰি লম্পটৰ কামনাৰ বলি মানসিকভাৱে বিকাৰগ্ৰস্ত কিশোৰীগৰাকী ৷

গুৱাহাটী, 25 জুলাই : গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰ অঞ্চলত পুনৰ 4 টা লম্পটৰ কামনাৰ বলি এগৰাকী কিশোৰী ৷ ঘটনা অনুসৰি, যোৰাবাটৰ আঠমাইলৰ পৰা শ্বিলঙলৈ গৈ থকাৰ মুহূৰ্তত ট্ৰাকৰ ভিতৰতে কিশোৰী গৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰে চাৰি নৰপিশাচে ৷ উল্লেখযোগ্য যে, যোৱা দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল মানসিকভাৱে বিকাৰগ্ৰস্ত কিশোৰীগৰাকী । কিশোৰীগৰাকী নিৰুদ্দেশ হোৱা ঘটনাটো পূৰ্বতে পৰিয়ালৰ লোকে যোৰাবাট আৰক্ষীক অৱগত কৰিছিল ৷ কিন্তু বুধবাৰে নিশা ৰহস্যজনকভাৱে শ্বিলঙত অজ্ঞান অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকী ৷ ইয়াৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ ঘটনা সন্দর্ভত ইতিমধ্যে যোৰাবাট আৰু বশিষ্ট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিলে ৩ লম্পটক । ধৃত লম্পটকেইটা ক্ৰমে সঞ্জয় চক্ৰৱর্তী, ৰাকেশ ৰাজবংশী আৰু সোনকায় ৰাজবংশী ৷ পলাতক আন এজন অভিযুক্ত অসীম ৰাভা ৷