অসম

assam

ETV Bharat / city

কৃষকৰ সমস্যা সামাধানৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি AJP ৰ গণ সত্যাগ্ৰহ - অন্যায়

সংবাদমেলত সৰৱ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ। ভাৰতীয় খাদ্য নিগমৰ সিদ্ধান্তসমূহ দিল্লীৰ পৰাই নিয়ন্ত্রিত হয় আৰু অসমৰ দায়িত্বত থকা দিল্লীৱালা লবীৰ প্ৰভাৱত অসমৰ কৃষকসকলক অতি পৰিকল্পিতভাৱে বঞ্চিত কৰা হৈছে। আনহাতে অসমৰ মানবিশিষ্ট ধান আৰু ধানৰ প্ৰজাতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি বাহিৰৰ চাউলৰে অসমৰ বজাৰ দখল কৰাৰ পৰিকল্পিত ষড়যন্ত্র কৰা হৈছে। কৃষকৰ উৎপাদিত ধান ভাৰতীয় খাদ্য নিগম আৰু অন্য চৰকাৰী প্ৰতিষ্ঠানৰ দ্বাৰা পোনপটীয়াকৈ ক্ৰয় কৰাৰ দাবী।

কৃষকৰ সমস্যা সামাধানৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি AJP ৰ গণ সত্যাগ্ৰহ
কৃষকৰ সমস্যা সামাধানৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি AJP ৰ গণ সত্যাগ্ৰহ

By

Published : Aug 18, 2021, 6:53 PM IST

গুৱাহাটী,১৮ আগষ্ট: কৃষি প্ৰধান ৰাজ্যখনত উৎপাদনৰ ক্ষেত্ৰত কৃষকৰ অৱদান অত্যন্ত সন্তোষজনক যদিও একমাত্ৰ চৰকাৰী সমৰ্থনৰ অভাৱত কৃষকসকল সমস্যামুক্ত হ'ব পৰা নাই । এই অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ । বুধবাৰে এজেপিৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, বৰ্তমান সময়ত কৃষকৰ ডাঙৰ সমস্যাটো হ'ল তেওঁলোকে নিজৰ উৎপাদিত ধান উপযুক্ত মূল্যত বিক্ৰী কৰিব পৰা নাই ।

অসমত ধান ক্ৰয়ৰ দায়িত্বত থকা অসম ৰাজ্যিক কৃষি উন্নয়ন নিগম, ভাৰতীয় খাদ্য নিগম, ৰাষ্ট্ৰীয় গ্ৰাহক সমবায় সংঘ, ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন পৰিষদ আৰু ৰাষ্ট্ৰীয় কৃষক ক্ৰয় সংসাধন আৰু খুচুৰা বিক্ৰী সংঘই কৃষকতকৈ বনিয়া গোষ্ঠীক প্ৰাধান্য দিয়া দেখা গৈছে ।

কৃষকৰ সমস্যা সামাধানৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি AJP ৰ গণ সত্যাগ্ৰহ

অসমত ভাৰতীয় খাদ্য নিগমে বছৰি ২৪ লাখ মেট্ৰিক টন চাউল যোগান ধৰে আৰু এই চাউল অসমলৈ কঢ়িয়াওতে পৰিবহনৰ নামত ব্যয় হয় ১৫০০ কোটি টকা ।এই চাউল অসমৰ কৃষকৰ পৰা ক্ৰয় কৰিলে অসমৰ কৃষকসকল উপকৃত হোৱাৰ উপৰি পৰিবহন ব্যয়ৰ নামত বাহিৰলৈ ওলাই যোৱা বৃহৎ পুঁজিৰো ৰাহি হ'লহেতেন ।

লগতে পঢ়কঃ বিশ্বৰ শীৰ্ষ অট’ ম’বাইল উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰিত হ’ব ভাৰত

লগতে লুৰীণজ্যোতি গগৈয়ে কয় যে, ভাৰতীয় খাদ্য নিগমৰ সিদ্ধান্তসমূহ দিল্লীৰ পৰাই নিয়ন্ত্ৰিত হয় আৰু অসমৰ দায়িত্বত থকা দিল্লীৱালা লবীৰ প্ৰভাৱত অসমৰ কৃষকসকলক অতি পৰিকল্পিতভাৱে বঞ্চিত কৰা হৈছে । আনহাতে অসমৰ মানবিশিষ্ট ধান আৰু ধানৰ প্ৰজাতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি বাহিৰৰ চাউলৰে অসমৰ বজাৰ দখল কৰাৰ পৰিকল্পিত ষড়যন্ত্ৰ কৰা হৈছে ।

এই কাৰ্য কোনো কাৰণতে হ'বলৈ দিয়া নহ'ব । কৃষকৰ বিৰুদ্ধে কৰা অন্যায় আৰু শোষণৰ বিৰুদ্ধে দলে গ্ৰহণ কৰা কাৰ্যসূচী সন্দৰ্ভত তেওঁ কয়, অসমৰ কৃষকসকলে সন্মুখীন হৈ অহা সমস্যাসমূহৰ সমাধানৰ দাবীত ১৯ আগষ্ট বৃহস্পতিবাৰে এজেপিয়ে ৰাজ্যজুৰি গণ সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰিব । জিলা সদৰ সমূহত এই কাৰ্যসূচী ৰূপায়ন কৰি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰা হ'ব ৷

এজেপিৰ দাবীসমূহ হৈছে

১. কৃষকৰ উৎপাদিত ধান ভাৰতীয় খাদ্য নিগম আৰু অন্য চৰকাৰী প্ৰতিষ্ঠানৰ দ্বাৰা পোনপটীয়াকৈ ক্ৰয় কৰা ।

২. অসমৰ প্ৰতিখন গাঁও পঞ্চায়ত এলেকাত এটাকৈ ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা আৰু এই প্ৰক্ৰিয়াত গাঁও পঞ্চায়তক জড়িত কৰা ।

৩. অসমৰ ১০০ শতাংশ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা ।

৪.খৰাঙৰ কৱলত পৰা কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানেৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা ।

৫. বান-খহনীয়া-খৰাঙৰ দ্বাৰা ক্ষতিগ্ৰস্ত আৰু ক'ভিড পৰিস্থিতিৰ বাবে দুৰ্যোগৰ সন্মুখীন হোৱা কৃষকসকলক বিনামূলীয়া বীজ আৰু সাৰৰ যোগান ধৰা ।

৬. মাটি চহাবলৈ ব্যৱস্থা নথকা কৃষকসকলক চৰকাৰীভাৱে মাটি চহাই দিয়াৰ ব্যৱস্থা কৰা ।

লগতে পঢ়কঃ মেঘালয়ৰ ৰাজ্যপালৰ কনভয়ত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ

ABOUT THE AUTHOR

...view details