অসম

assam

By

Published : Aug 2, 2019, 7:22 PM IST

ETV Bharat / city

উত্তৰ গুৱাহাটীত দুই ছাত্ৰীক অপহৰণৰ অপচেষ্টা

উত্তৰ গুৱাহাটীত দুই কলেজীয়া ছাত্ৰীক অপৰহৰণৰ চেষ্টা ৷ দুই বাইক আৰোহীয়ে অপহৰণৰ চেষ্টা চলোৱাৰ সময়তে ৰাইজৰ হাতত ধৰা পৰে ৷

ছাত্ৰীক অপহৰণৰ অপচেষ্টা

উত্তৰ গুৱাহাটী, 2 আগষ্ট : উত্তৰ গুৱাহাটীৰ ভেটামুখত দুই কলেজীয়া ছাত্ৰীক দুই যুৱকে অপহৰণৰ চেষ্টা চলোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ নৱজিৎ ডেকা আৰু বিকাশ হাজৰিকা নামৰ দুজন যুৱকৰ বিৰুদ্ধে এই চাঞ্চল্যকৰ অভিযোগ ছাত্ৰী দুগৰাকীৰ ৷

তথ্য অনুসৰি, কলেজৰ পৰা উভতি আহি থকাৰ সময়তে ছাত্ৰী দুগৰাকীক অপহৰণৰ চেষ্টা চলায় যুৱক দুজনে ৷ এখন পালছাৰ বাইকেৰে অপহৰণৰ চেষ্টা চলাওতেই দুয়োকে লপা - থপা দিয়ে ৰাইজে ৷ ইয়াৰ পাছতে ৰাইজে উত্তৰ গুৱাহাটী আৰক্ষী চকীত গতাই দিয়ে দুয়োকে । দুয়ো গৰাকী ছাত্ৰীকে কেইবাদিনৰ পৰাই অনুসৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে ৷

ছাত্ৰীক অপহৰণৰ অপচেষ্টা

ঘটনা সন্দৰ্ভত যুৱতীৰ পৰিয়ালে উত্তৰ গুৱাহাটী আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে । ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

ABOUT THE AUTHOR

...view details