গুৱাহাটী, 28 মাৰ্চ : কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে লৈ আছে বিভিন্ন পদক্ষেপ । এই ক্ষেত্ৰত চৰকাৰক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে বিভিন্ন দল-সংগঠন । এইবাৰ ৰাজ্য চৰকাৰক সাহাৰ্য আগবঢ়াবলৈ ওলাই আহিছে অসমৰ প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষসকলৰ ৰাজ্যিক মঞ্চ "উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ"ই ।
চৰকাৰৰ আৰোগ্য নিধিলৈ সাহাৰ্য উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চৰ - চৰকাৰৰ আৰোগ্য নিধিলৈ সাহাৰ্য উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চৰ
কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে লৈ আছে বিভিন্ন পদক্ষেপ । এই ক্ষেত্ৰত চৰকাৰক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে বিভিন্ন দল-সংগঠন ।

চৰকাৰৰ আৰোগ্য নিধিলৈ সাহাৰ্য উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চৰ
চৰকাৰৰ আৰোগ্য নিধিলৈ সাহাৰ্য উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চৰ
মঞ্চই এক জৰুৰী সভাত অসম আৰোগ্য নিধিলৈ অৰ্থ সাহাৰ্য আগবঢ়োৱাৰ প্ৰস্তাৱ গ্রহণ কৰিছে । এদিনৰ দৰমহা দিয়াৰ বাহিৰেও প্ৰতিজন অধ্যক্ষই দুহেজাৰ টকাকৈ আৰোগ্য নিধিলৈ সাহাৰ্য আগবঢ়াব বুলি জানিবলৈ দিয়ে মঞ্চৰ সাধাৰণ সম্পাদক আবুল হাছেম আল আমানে ৷