গুৱাহাটী, 29মে’:আগন্তুক জুন মাহৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক ছাত্ৰ-ছাত্ৰীৰ পাঠদান কাৰ্যসূচী । ইতিমধ্যে চৰকাৰৰ শিক্ষা বিভাগে মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ বাবে সাজু হৈছে । দেওবাৰে মহানগৰীৰ নাৰেংগীৰ বোন্দাস্থিত ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ (Assam State Textbook Production And Publication Corporation) কেন্দ্ৰীয় ভঁৰালৰ পৰা শুভাৰম্ভ কৰা হয় পাঠ্যপুথি বিতৰণৰ প্ৰথমটো কাৰ্যসূচী (Free textbook distribution program launched ) ।
এই উপলক্ষে অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ অধ্যক্ষ দেবানন্দ হাজৰিকাই ফ্লেগ অফ কৰি পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া মতে, প্ৰথম পৰ্যায়ত এই কাৰ্যসূচী অনুসৰি লখিমপুৰ, ধেমাজি, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, শিৱসাগৰ আদিকে ধৰি মুঠ 9 খন জিলাত প্ৰায় 5 লাখ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰা হয় (Free textbook distribution for higher secondary students ) ।