গুৱাহাটী, ২৬ মেঃ COVID-১৯ ৰ আতংকৰ মাজতেই মঙলবাৰ অৰ্থাৎ ২৬ মে'ৰ পৰা শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰিব বিনামূলীয়া পাঠ্যপুথি । সোমবাৰে এক জাননী জাৰি কৰি এই কথা প্ৰকাশ কৰিছে মাধ্যমিক শিক্ষা বিভাগে ।
গুৰুত্বপূৰ্ণ জাননী : ২৬ মে'ৰ পৰা বিতৰণ কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি - উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ
২৬ মে'ৰ পৰা ২৮ মে'লৈ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থী সকলৰ মাজত বিতৰণ কৰা হ'ব বিনামূলীয়াকৈ পাঠ্যপুথি ।
Free text book provide from Tuesday AssamFree text book provide from Tuesday Assam
মাধ্যমিক শিক্ষা বিভাগৰ অধীনস্থ সকলো চৰকাৰী আৰু স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থী সকলক ২৬ মে'ৰ পৰা ২৮ মে'লৈ বিতৰণ কৰা হ'ব বিনামূলীয়া পাঠ্যপুথি ।
সকলো শিক্ষাৰ্থীয়ে COVID-১৯ ৰ স্বাস্থ্য বিধি মানি নিজৰ নিজৰ বিদ্যালয় বা নিৰ্ধাৰিত স্থানৰ পৰা পাঠ্যপুথি সমূহ সংগ্ৰহ কৰিব পাৰিব বুলি জাননীত উল্লেখ কৰা হৈছিল ।