গুৱাহাটী, ২৮ জুলাই:সমগ্ৰ দেশতে বৃহস্পতিবাৰে উৎযাপন কৰা হৈছে বিশ্ব হেপাটাইটিছ দিৱস । বিশ্ব হেপাটাইটিছ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে নুনমাটিত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়(Heptatitis B and C vaccination camp at Noonmati) । বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান NMO আৰু TATA TRUST ৰ উদ্যোগত নুনমাটি লুইত নগৰ উন্নয়ন সমিতি আৰু নুনমাটি য়ুথৰ সহযোগত লুইত নগৰ বিহু মঞ্চত আয়োজন কৰা হয় এই শিবিৰ ৷
দিনৰ ১০ বজাৰ পৰা ৩ বজালৈ অনুষ্ঠিত হোৱা এই বিনামূলীয়া চিকিৎসা শিবিৰত প্ৰায় ডেৰ শতাধিক লোকক অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰা হয় । চিকিৎসা শিবিৰত হেপাটাইটিছ বি আৰু চি লগতে লিভাৰৰ ৰেপিড পৰীক্ষা কৰা হয় । লগতে লিভাৰ কেনেদৰে সুস্থ সৱল কৰি ৰাখিব পাৰি ইয়াৰ ওপৰত ৰাইজৰ মাজত সজাগতা মূলক আলোচনা আগবঢ়োৱা হয় ।