অসম

assam

ETV Bharat / city

চাহ বাগানৰ চিকিৎসালয়লৈ বিনামূলীয়া ঔষধ যোগান আঁচনি - উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মঙলবাৰে শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত চাহ বাগানৰ চিকিৎসালয়সমূহৰ বাবে বিনামূলীয়া ঔষধ যোগান আঁচনি ঘোষণা কৰা হয়। এই আঁচনিখনৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী ৰামেশ্বৰ তেলী,ৰাজ্যসভাৰ সদস্য কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী পীযুষ হাজৰিকাকে দৰি আৰু বহু কেইজন বিশিষ্ট ব্যক্তি ৷

শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ

By

Published : Sep 25, 2019, 1:24 PM IST

গুৱাহাটী, 25 ছেপ্টেম্বৰ : মঙলবাৰে শংকৰদেৱ কলাক্ষেত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত চাহ বাগানৰ চিকিৎসালয়সমূহৰ বাবে বিনামূলীয়া ঔষধ যোগান আঁচনি ঘোষণা কৰা হয়। এই আঁচনিখনৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী ৰামেশ্বৰ তেলী,ৰাজ্যসভাৰ সদস্য কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ৷

চাহ বাগানৰ চিকিৎসালয়লৈ বিনামূলীয়া ঔষধ যোগান আঁচনি

এই আঁচনিৰ উদ্বোধনৰ সময়ত প্ৰদান কৰা ভাষণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে, শ্ৰমিকৰ আবাসগৃহ নিৰ্মাণ কৰিবৰ বাবে 600 কোটি টকাৰ অনুমোদন জনোৱা হৈছিল আৰু ইয়াৰে 300 কোটি টকা বৰ্তমানলৈকে ব্যয় কৰা হৈছে ৷ তাৰোপৰি, গৰ্ভৱতী মহিলাক 12,000 টকাকৈ প্ৰদান কৰা হৈছে ৷ এই সাহায্য বৰ্তমান 230 গৰাকী মহিলাই লাভ কৰিছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী শৰ্মাই ৷ টীয়ক চাহ বাগানত সংঘটিত হোৱা চিকিৎসক দেৱেন দত্তৰ হত্যাকাণ্ডৰ বাবে নিজকে দায়ী বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ 5000 জনকৈ শ্ৰমিকৰ মাজত কেৱল এজন চিকিৎসক নিয়োগ কৰিলে এনেধৰণৰ বিপদৰ সন্মুখীন হ'বলগীয়া হয় বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

চাহ বাগিচাৰ বাবে লোৱা এনে আঁচনিৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে । লগতে চাহ বাগানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পঢ়াৰ ধাউতি বৃদ্ধি কৰিবৰ বাবে অভিভাৱকসকলক বিশেষ যত্ন ল'বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সোণোৱালে ৷ এইক্ষেত্ৰত চাহ বাগিচাৰ মালিক,মেনেজাৰকো দায়িত্ব ল'বলৈ আহ্বান জনোৱা হয় ৷

ABOUT THE AUTHOR

...view details