গুৱাহাটী, 30 ডিচেম্বৰ :গুৱাহাটী মহানগৰীত পুণৰ বাঘৰ মুক্ত বিচৰণ । গড়চুক আহোমগাঁওস্থিত দিল্লী পাব্লিক স্কুলৰ চৌহদত এইবাৰ বাঘৰ মুক্ত বিচৰণ । যোৱা নিশাৰ ভাগৰ পৰাই এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে বিচৰণ কৰি ফুৰিছিল বিদ্যালয় চৌহদত । বুধবাৰে সন্ধিয়াৰ ভাগত নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰিবৰ বাবে উপস্থিত হোৱা বন বিভাগৰ দলৰ ওপৰত আক্ৰমণ কৰে নাহৰফুটুকীটোৱে ।
নাহৰফুটুকীৰ আক্ৰমণত আহত চাৰি বনকৰ্মী - বাঘৰ মুক্ত বিচৰণ
মহানগৰীৰ গড়চুকত নাহৰফুটুকীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় চাৰিগৰাকীকৈ বনকৰ্মী ৷
নাহৰফুটুকীৰ আক্ৰমণত আহত চাৰি বনকৰ্মী
বনৰজাৰ আক্ৰমণত দুজন বন বিষয়া আৰু দুজন বনকৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । বাঘৰ আক্ৰমণত আহত হোৱা বনকৰ্মী কেইগৰাকী ক্ৰমে প্ৰৱীণ হালৈ, অবেদ আলী, হৰি শিল ৷ এজনৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই । সম্প্ৰতি আঘাতপ্ৰাপ্ত আটাইকে গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হস্পিতালত ভর্তি কৰোৱা হৈছে । ইফালে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷
লগতে পঢ়ক :2020ত সফল পৰীক্ষণ সম্পন্ন হোৱা ভাৰতৰ ক্ষেপনাস্ত্ৰ প্ৰণালীসমূহ