অসম

assam

ETV Bharat / city

বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা দিৱস পালন - কলাক্ষেত্ৰ চৌহদত 14 টা হাইমাছ লাইট স্থাপন

বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ৰাজ্য চৰকাৰৰ বহু মন্ত্ৰী আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে অনুষ্ঠানত ৷

বৰ্ণাঢ্য কাৰ্যসূচীৰে 23 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা দিৱস পালন

By

Published : Nov 9, 2020, 9:34 PM IST

গুৱাহাটী, 9 নৱেম্বৰ :অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ৰূপৰেখা উপস্থাপনৰ বাবে বিভিন্ন ধৰণৰ নৃগোষ্ঠীয় আৰু উপ-জনগোষ্ঠীয় মানুহৰ জীৱন আৰু সংস্কৃতিৰ এক বৃহৎ চিত্ৰৰূপে প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ আৰু দৰ্শনৰ প্ৰতি সচেষ্ট শংকৰদেৱ কলাক্ষেত্ৰ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কলা, সংগীত আৰু সাহিত্যৰ মুখ্য স্নায়ুকেন্দ্ৰ । বিশেষকৈ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু জীৱন শৈলীক প্ৰাধান্য দি সংস্থাপিত এই অনুষ্ঠানতে সমূহ উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক প্ৰতিচ্ছবিৰ উপযুক্ত মানেৰে প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণ কৰাৰ কালজয়ী ব্যৱস্থা কৰি অহা সাংস্কৃতিক অনুষ্ঠানটোৱে পাৰ কৰিলে 23 টা বসন্ত ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ 23 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ দিৱস উদযাপন কৰা হয় । দিৱস উপলক্ষে কলাক্ষেত্ৰৰ ৰংঘৰৰ বাকৰিত এক মুকলি সভা অনুষ্ঠিত হয় । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ তথ্য সম্বলিত এখন তথ্য পুস্তিকা উন্মোচন কৰাৰ লগতে কলাক্ষেত্ৰ সন্দৰ্ভত তথ্য উল্লেখ থকাৰ লগতে দর্শনাৰ্থীসকলে অনলাইনযোগে কলাক্ষেত্ৰৰ টিকট সংগ্ৰহ কৰিব পৰাকৈ এক ৱেবচাইট মুকলি কৰে ।

সভাত মুখ্য অতিথিৰ ভাষণত মুখ্যমন্ত্ৰী সোণোৱালে কয়, "অসমীয়া সমাজ জীৱনত যোৱা 23 টা বছৰে সাংস্কৃতিক, সামাজিক আৰু আধ্যাত্মিকভাৱে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । এনে এখন অনুষ্ঠানক অধিক উন্নতমানৰ সম্পদ হিচাপে গঢ় দিব লাগিব । বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ মূলকেন্দ্ৰ একো একোটা কেন্দ্ৰ স্থাপন কৰিব লাগিব । ইয়াৰ লগতে উঠি অহা প্ৰজন্মক গুৰুজনাৰ বিষয়ে অৱগত কৰাৰ লগতে গুৰুজনাৰ আদৰ্শৰে এজন সবল আৰু শক্তিশালী ব্যক্তি হিচাপে গঢ়িব লাগিব ৷"

বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা দিৱস পালন

ৰাজ্য চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ভাষণত কয়, "শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই আমাৰ সাংস্কৃতিক জীৱনৰ লগতে সামাজিক জীৱনৰ প্ৰতিফলন সমগ্ৰ বিশ্বৰ আগত দাঙি ধৰিব বুলি আশা প্ৰকাশ কৰিছোঁ । আনহাতে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে কয়, " শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই সমগ্ৰ অসমৰ ছবি বিশ্ববাসীৰ আগত দাঙি ধৰিবলৈ সক্ষম হৈছে । সেয়েহে এই জাতীয় অনুষ্ঠানটো আগন্তুক সময়ত অধিক আকৰ্ষণীয় কৰি তোলাৰ দিশত মনোনিবেশ কৰা অতি প্ৰয়োজনীয় ।

উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, সাংসদ কুইন ওজা, বিধায়ক অতুল বৰা, সুমন হৰিপ্ৰিয়া, কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি আঙুৰলতা ডেকা, অসম চৰকাৰৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ লগতে অসমৰ বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰ আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আজিৰ অনুষ্ঠানত উপস্থিত থাকে । অনুষ্ঠানত কলাক্ষেত্ৰৰ চৌহদত 14 টা হাইমাছ লাইট স্থাপন কৰা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিকৰ এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।

লগতে পঢ়ক :গুপ্তকাশী বিশ্বনাথত নৌকা বিহাৰ আৰম্ভ

ABOUT THE AUTHOR

...view details