গুৱাহাটী, ১৯ নৱেম্বৰ :প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ জন্মদিন উপলক্ষে শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি তৰ্পণ আৰু স্মৃতিচাৰণৰ লগতে প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় । অনুষ্ঠানৰ আয়োজনৰ আৰম্ভণিতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰাক্তন প্ৰধানমন্ত্ৰী লৌহ মানৱী প্ৰয়াত ইন্দিৰা গান্ধীৰ প্ৰতিছব্বিত পুষ্পাঞ্জলি অৰ্পণ কৰে । তাৰ পিছতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় ।
সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ পাছতে প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ সভাপতিত্বত এক সভা অনুষ্ঠিত হয় । সভাত নিৰ্দিষ্ট বক্তা হিচাপে ভূপেন বৰা, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া উপস্থিত থাকি প্ৰয়াত ইন্দিৰা গান্ধীৰ জীৱন, ৰাজনৈতিক দৰ্শন আৰু দেশমাতৃৰ বাবে কৰা বিভিন্ন উন্নয়নমূলক কামৰ ওপৰত বক্তব্য আগবঢ়ায় । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা চেহনাজ হক বেগমে আঁত ধৰা অনুষ্ঠানটোত প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, প্ৰাক্তন সাংসদ বলীন কুলি, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে নৃপেন ঠাকুৰীয়া, শৈলেন বৰা, ৰাজু শৰ্মা, বালিকা পেগু, সেৱাদলৰ অধ্যক্ষ দ্বীপ বায়ন, প্ৰাক্তন মেয়ৰ কুশল শৰ্মা, জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত আছিল ।