গুৱাহাটী, 5 জুন: সৃষ্টিশীলতাৰে বিশ্বপ্ৰসিদ্ধি লাভ কৰা অৰণ্য মানৱ যাদৱ পায়েং (Forest Man Jadav Payeng ) পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে । লগতে উজলাই তুলিছে অসমক । যাদৱ পায়েঙৰ জীৱনীমূলক গ্ৰন্থ ‘দ্য বয় হু গ্ৰিউ এ ফৰেষ্ট’ আমেৰিকাৰ ২০২৩ বৰ্ষৰ নৰ্থ কেৰ’লিনা শিশু সাহিত্য বঁটাৰ বাবে মনোনীত হৈছে (Jadav Payeng Biographical book nominated for 2023 North Carolina Children's Book Award) ।
অৰণ্য মানৱ যাদৱ পায়েঙৰ জীৱন আৰু কৰ্মক লৈ আমেৰিকাৰ শিশু সাহিত্যিক ছ’ফিয়া গলজে লিখা ‘দ্য বয় হু গ্ৰিউ এ ফৰেষ্ট’ (The Boy Who Grew A Forest) শীৰ্ষক গ্ৰন্থখন নৰ্থ কেৰ’লিনা শিশু সাহিত্য বঁটাৰ বাবে মনোনীত হৈছে । এইবাৰে যাদৱ পায়েঙৰ গ্ৰন্থখনকে ধৰি মুঠ 9খন গ্ৰন্থ মাৰ্কিন শিশু সাহিত্য বঁটাৰ (American children's literary awards) বাবে নিৰ্বাচিত হৈছে ৷ শিশু সাহিত্যিক ছ’ফিয়া গলজৰ চিত্ৰ সাহিত্যৰ এই গ্ৰন্থখন প্ৰকাশ পাইছিল ২০১৯ চনতে ৷
আমেৰিকাৰ শ্লিপিং বেয়াৰ প্ৰেছে প্ৰকাশ কৰা গ্ৰন্থখনত চিত্ৰ অংকন কৰিছে কায়লা হাৰেপে । ২০২৩ বৰ্ষৰ নৰ্থ কেৰ’লিনা শিশু সাহিত্য বঁটাৰ বাবে যাদৱ পায়েঙৰ জীৱনীমূলক গ্ৰন্থখনে মনোনয়ন লাভ কৰা খবৰ ছ’ফিয়া গলজে নিজেই ছ’চিয়েল মিডিয়াযোগে প্ৰকাশ কৰিছে ৷ লগতে যাদৱ পায়েঙৰ ফটোও লেখিকা ছ’ফিয়াই আপলোড কৰিছে ছ’চিয়েল মিডিয়াত ।