গুৱাহাটী, 16 মেঃ সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটী মহানগৰীতো হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ মহামাৰী ক'ৰণা ভাইৰাছৰ ফলত শিশুৰ পৰা বৃদ্ধলৈ সকলো হৈ পৰিছে এতিয়া গৃহবন্দী । দৈনন্দিন কৰি থকা শাৰীৰিক কৰ্মৰাজিও কৰিব পৰা নাই সাধাৰণ ৰাইজে ।
লক ডাউনৰ ফলত স্তব্ধ হৈ পৰা জনজীৱনৰ এই জটিল সন্ধিক্ষণত ঘৰৰ গৃহিনীয়ে কি ৰান্ধিছে পাকঘৰত ? নিজ সন্তানৰ খোৱাৰ যতন কেনেকৈ লৈছে এগৰাকী মাতৃয়ে। এই সকলোবোৰৰ উত্তৰ হয়তো এতিয়া একেই কেনেবাকৈ এসাঁজ খায় প্ৰাণটোক ৰক্ষা কৰাটোৱেই সকলোৰে চেষ্টা এতিয়া ৷
লক ডাউনৰ ফলত জটিল সন্ধিক্ষণত শিশুৰ পৰা বৃদ্ধলৈ লক ডাউনৰ পূৰ্বতে সাধাৰণ অথবা দৰিদ্ৰ লোক সকলে কেতিয়াবা মাছ, মাংস, কণী ক্ৰয় কৰিছিল যদিও বৰ্তমান উপাৰ্জন নোহোৱাৰ ফলত ক্ৰয় কিৰবলৈ সক্ষম নহয় সাধাৰনলোক। বজাৰত বস্তু উপলব্ধ হলেও কিন্তু কিনিবলৈ হাতত ধনৰ অভাৱ খাটি খোৱা লোক সকলৰ। ঠিক একেদৰে দেশৰ শ্ৰমিকৰ লগতে কৃষক সকলৰো একেই অৱস্থা সৃষ্টি হৈছে ৷ যি কোনো পৰিৱেশত ক'ৰণা অৱস্থিতি থকাৰ সন্দেহত বহু লোকে এতিয়া শংকাত দিন কটাব লগা হৈছে। এনে সময়ত গাঁৱত বহু উৎপাদিত শাক-পাচলি খেতি পথাৰতে নষ্ট হৈছে ৷ শ্ৰমিক তথা দিন হাজিৰা কৰি খোৱা মানুহে এতিয়া জীয়াতু ভুগিব লগা অৱস্থা হৈছে ৷
আনহাতে, এগৰাকী চিকিৎসকৰ পৰামৰ্শ অনুযায়ী এই সময়ত প্ৰটিন যুক্ত খাদ্যৰ অভাৱ অধিকাংশ লোকৰ বাবে আহি পৰিছে ৷ গতিকে চৰকাৰ অথবা বেচৰকাৰী সংস্থাই ভিটামিন টেবলেট আৰু অন্যান্য ভিটামিনযুক্ত সামগ্ৰী যোগান ধৰাটো আৱশ্যক ।
উল্লেখযোগ্য সমীক্ষা অনুযায়ী লক ডাউনৰ পূৰ্বে সমগ্ৰ ভাৰত বর্ষত 194.4 মিলিয়ন মানুহ পুষ্টিহীনতাত ভুগি আছিল কিন্তু বহু সংস্থাই আশংকা কৰিছে যে লকডাউনৰ পিছৰ পৰ্য্যায়ত দুগুণে বাঢ়িল পুষ্টিহীনতাত ভোগা লোকৰ সংখ্যা। এনে দুৰ্যোগৰ সময়ত গ্ৰাম্য অঞ্চলৰ লোকৰ ঘৰৰ বাৰীতে থকা বহু শাক পাচলিয়ে সকাহ দিয়াৰ বিপৰীতে চহৰ অঞ্চলত উপাৰ্জনৰ বাট বন্ধৰ ফলত সুষম খাদ্যৰ খোৱাৰ পৰা বিৰত থাকিব লগা হৈছে বহু লোক। বহু শিশু আৰু বহু গৰ্ভৱতী মহিলাই এই সময়ত পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন যুক্ত খাদ্য নোখোৱাৰ ফলত ভৱিষ্যতৰ কি পৰিস্থিতি সন্মুখীন হ'ব সেয়া এক ডাঙৰ প্ৰশ্ন সকলোৰে বাবে ।
আনহাতে, সামাজিক আৰু গৱেষণা সংস্থা pradan, BAIF, transfarm rural india foundation , gramin sahara ৰ সমীক্ষা অনুযায়ী অসমৰ গ্ৰাম্য অঞ্চলত 50 শতাংশ ৰাইজে লক ডাউনৰ বাবে খাদ্য পূৰ্বৰতকৈ কমকৈ আহাৰ গ্ৰহণ কৰিছে ৷
লগতে পঢ়ক-ভাৰতক ভেন্টিলেটৰ দান কৰিব আমেৰিকাই