অসম

assam

ETV Bharat / city

ৰঙিয়াত আৱদ্ধ কেৰালাৰ চালক-হেণ্ডিমেনক খাদ্য বিতৰণ - rangia 4 boy food distribution

প্ৰায় দুমাহৰ পৰা ৰঙিয়াত আৱদ্ধ হৈ থকা কেৰালাৰ চালকসকলক সাহাৰ্য‍ প্ৰদান কৰিলে ৰঙিয়াৰ কেইজনমান যুৱকে ৷ চালক, হেণ্ডিমেন সকলৰ লগতে গীৰ্জাৰ ফাদাৰৰ লগতো মত বিনিময় কৰে চাৰি যুৱকে ৷

food distribution among kerala bus driver in rangia
ৰঙিয়াত আৱদ্ধ কেৰালাৰ চালক, হেণ্ডিমেনসকলৰ মাজত খাদ্য বিতৰণ

By

Published : Jun 6, 2021, 9:59 PM IST

ৰঙিয়া, 6 জুন : প্ৰায় দুমাহৰ পৰা ৰঙিয়াত আৱদ্ধ হৈ থকা কেৰালাৰ চালকসকলক সাহাৰ্য‍ প্ৰদান কৰিলে ৰঙিয়াৰ কেইজনমান যুৱকে । কেৰালাৰ পৰা আহি ৰঙিয়াত আৱদ্ধ হৈ থকা ৮ খন বাছৰ চালক, হেণ্ডিমেন সকলক কিছু পৰিমাণে খাদ্য সামগ্ৰী বিতৰণ কৰিলে ৰঙিয়াৰ কেইগৰাকীমান সচেতন যুৱকে ।

ৰঙিয়াত আৱদ্ধ কেৰালাৰ চালক, হেণ্ডিমেনসকলৰ মাজত খাদ্য বিতৰণ

ৰঙিয়াৰ চাৰিগৰাকীৰ যুৱকে লগত খাদ্য সামগ্ৰী লৈ ৰঙিয়াৰ চেপ্তিৰ গীৰ্জাঘৰৰ চৌহদত উপস্থিত হয় । চালক, হেণ্ডিমেন সকলৰ লগতে গীৰ্জাৰ ফাদাৰৰ লগতো মত বিনিময় কৰে চাৰি যুৱকে । অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শাক-পাচলিসমুহ বিতৰণ কৰি কিছু পৰিমাণে সকাহ দিয়াৰ চেষ্টা কৰে চালক, হেণ্ডিমেনসকলক ।

উল্লেখযোগ্য যে কেৰালাত কাম কৰা অসমৰ প্ৰায় ১২ হাজাৰ যুৱক, যুৱতী বিধানসভা নিৰ্বাচন আৰু ঈদৰ পূৰ্বে অসমলৈ আহিছিল বাছেৰে । তেতিয়াৰে পৰা অসমৰ বিভিন্ন ঠাইৰ লগতে ৰঙিয়াতো আৱদ্ধ হৈ আছে কেৰালাৰ কেইবাগৰাকীও চালক, হেণ্ডিমেন ।

লগতে পঢ়ক :গহপুৰত চত্ৰং নৈৰ মথাউৰি ভাঙি প্লাৱিত বিস্তীৰ্ণ অঞ্চল

ABOUT THE AUTHOR

...view details