গুৱাহাটী, 3 আগষ্ট : ৰাজ্যজুৰি এতিয়া বানৰ তাণ্ডৱ ৷ মহানগৰীৰ সমীপৰ ডিমৰীয়াতো বানত সৰ্বস্বান্ত বহু লোক ৷ এই সকল লোকক কিছু সকাহ দিয়াৰ উদ্দেশ্যে ডিমৰীয়া আছু, লেখিকা সমাৰোহ সমিতিয়ে যুটীয়াভাৱে আগবঢ়ালে সাহাৰ্য ৷
ডিমৰীয়াত বান সাহাৰ্য বিতৰণ - flood relief near Guwahati Dimoria area
কৰ’ণা ভাইৰাছৰ সমান্তৰাল কৈ বানত এতিয়া জুৰুলা ৰাজ্যবাসী ৷ মহানগৰীৰ সমীপৰ ডিমৰীয়াতো বানৰ সংহাৰী ৰূপ ৷ দেওবাৰে বানত সৰ্বস্বান্ত লোকক কিছু সকাহ দিয়াৰ চেষ্টা ডিমৰীয়া আছু আৰু লেখিকা সমাৰোহ সমিতিৰ ৷
![ডিমৰীয়াত বান সাহাৰ্য বিতৰণ flood relief near guwahati dimoria area](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8272764-851-8272764-1596398454945.jpg)
flood relief near guwahati dimoria area
ডিমৰীয়াত বান সাহাৰ্য বিতৰণ
সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 200 টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী আৰু কাপোৰ বিতৰণ কৰা হয় ৷ উল্লেখ্য যে, এই সমূহ পৰিয়ালৰ ঘৰ-দুৱাৰ বানত ডুব যোৱাৰ ফলত পথৰ ওপৰতে অস্থায়ীভাৱে ঘৰ সাজি বসবাস কৰি আছে ৷