অসম

assam

ETV Bharat / city

ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 93 লৈ বৃদ্ধি - বৰ্তমান অসমত 26 খন জিলা বানৰ কবলত

বৰ্তমান অসমত 26 খন জিলা বানৰ কবলত আছে ৷ ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 93 লৈ বৃদ্ধি হৈছে ৷

ৰাজ্যৰ বানত মৃতকৰ সংখ্যা 93 লৈ বৃদ্ধি
ৰাজ্যত বানৰ সংহাৰী ৰূপ অব্যাহত

By

Published : Jul 24, 2020, 7:53 PM IST

নিউজ ডেস্ক, 22 জুলাই :অসম দূৰ্যোগ প্ৰশমন বিভাগে প্ৰদান কৰা শেহতীয়া 24 ঘন্টাৰ তথ্য অনুসৰি,বৰ্তমান অসমত 26 খন জিলা বানৰ কবলত আছে ৷ আনহাতে, 72 টা ৰাজহ চক্ৰৰ প্ৰায় 2,543 খন গাঁও আক্ৰান্ত হৈ আছে বানত ৷ প্ৰায় 1,22,573.16 হেক্টৰ কৃষিভূমি বৰ্তমান পানীৰ তলত ৷

ৰাজ্যত বানৰ সংহাৰী ৰূপ অব্যাহত

যোৱা 24 ঘন্টাত তিনিজন লোকে বানৰ ফলত প্ৰাণ হেৰুওৱাৰ ফলত বৰ্তমানলৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা 93 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰোপৰি, 27,79,894 গৰাকী লোক বানত আক্ৰান্ত হৈছে ৷ সৰ্বমুঠ 301 টা আশ্ৰয় শিবিৰত বাস কৰি আছে 50,136 গৰাকী লোকে ৷

ৰাজ্যত বানৰ সংহাৰী ৰূপ অব্যাহত

বৰ্তমানেও শোণিতপুৰ, যোৰহাট, গুৱাহাটী, ধুবুৰী, গোৱালপাৰা আদি জিলাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷

ৰাজ্যত বানৰ সংহাৰী ৰূপ অব্যাহত

লগতে পঢ়ক :কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে প্ৰিন্স উইলিয়ামছ আৰু পত্নীয়ে

ABOUT THE AUTHOR

...view details