গুৱাহাটী, 29 জুন :বান, গৰাখহনীয়া, কোভিড সকলোৱে যেন একেলগে একে সময়তে হেঁচা মাৰি ধৰিছে ৰাজ্যবাসীক ৷ ৰাজ্যৰ 23 খনকৈ জিলা ইতিমধ্যে বানৰ কৰাল গ্ৰাসত পৰিছে । এই পৰ্যন্ত বানৰ ফলত প্ৰায় 20 গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে- বানাক্ৰান্তৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰসমূহত এই কোভিড কালত স্বাস্থ্যজনিত সকলো নীতি নিয়ম মানি চলাটো । যি মুঠেও সম্ভৱ নহয় । কোভিড সুৰক্ষা নীতি অনুসৰি, সকলো আশ্ৰয় শিবিৰতে সামাজিক দূৰত্ব মানি চলাৰ পৰা আৰম্ভ কৰি মাস্ক পৰিধান কৰাটো নিশ্চিত কৰা হ'ব বুলি ইতিমধ্যে চৰকাৰীভাবে ঘোষণা কৰা হৈছিল যদিও কাৰ্যতঃ অধিকাংশ ঠাইতে তেনে হোৱাটো পৰিলক্ষিত হোৱা নাই ।
ৰাজ্যত বানৰ কৱলত পৰা 23 খন জিলা ক্ৰমে ধেমাজি, লখিমপুৰ, বিশ্বনাথ চাৰিআলি, ওদালগুৰি, দৰং, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, মৰিগাঁও, হোজাই, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলঙৰ ভিতৰত মুঠ 12 খন জিলাত ইতিমধ্যে 193 টা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে । ইয়াৰে সৰ্বাধিক 83 টা শিবিৰ কেৱল তিনিচুকীয়া জিলাতে স্থাপন কৰা হৈছে ।
তিনিচুকীয়া জিলাৰ বিপদ সম্প্ৰতি আন বানাক্ৰান্ত জিলা সমূহতকৈ বহুগুণে বেছি আৰু পৃথক । বাঘজানৰ তৈলখাদত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ বাবে দাতিকাষৰীয়া গাঁওসমূহৰ ৰাইজক বিভিন্ন আশ্ৰয় শিৱিৰত ৰখা হৈছিল । শিবিৰত থকা অৱস্থাতে ইয়াৰে অধিকাংশ লোকৰ বাসগৃহ বানৰ কৱলত পৰে । এফালে জুই আনফালে বানপানী । তাৰ মাজত কোভিড সন্ত্ৰাস । এক অবৰ্ণনীয় অৱস্থা । য'ত বতাহৰ লগত মিলি গৈছে আশ্ৰয় শিবিৰত মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলা আদিৰ দৰে কথাবিলাক ।