গুৱাহাটী, 15 আগষ্ট :আজি 74 সংখ্যক স্বাধীনতা দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ জজ খেলপথাৰত অসম চৰকাৰ আৰু কামৰূপ মহানগৰ প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হয় । পুৱা 9 বজাৰ লগে লগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ অতি কঠোৰ নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত হৈছে 74 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী ।
জজ খেলপথাৰত মুখ্যমন্ত্ৰী সোণোৱালৰ পতাকা উত্তোলন - অসম চৰকাৰ আৰু কামৰূপ মহানগৰ প্ৰশাসন
জজ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ পুৱা 9 বজাৰ লগে লগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । অসম চৰকাৰ আৰু কামৰূপ মহানগৰ প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷

পতাকা উত্তোলনৰ সময়চোৱাত হেলিকপ্টাৰৰে পুষ্পবৃষ্টি কৰা হয় । সাংস্কৃতিক অনুষ্ঠান, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ অবিহনে এইবাৰ আয়োজন কৰা হৈছে স্বাধীনতা দিৱস । পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰকাৰে লোৱা কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা উল্লেখ কৰে । কৰ'ণাৰ ক্ষেত্ৰত লোৱা চৰকাৰী তাৎক্ষণিক পদক্ষেপ, নতুন শিক্ষক, কৃষকৰ সুবিধাৰ্থে বিভিন্ন আঁচনি, বজালী জিলা গঠন, মৎস্য খণ্ডত আগুৱাই নিয়া, প্ৰতিখন জিলাকে সমানে গুৰুত্ব দি বিভিন্ন আঁচনি গ্ৰহণ কৰা আদি বিষয়ত মুখ্যমন্ত্ৰী সোণোৱালে ভাষণ দিয়ে ৷
লগতে পঢ়ক :শিৱসাগৰ জিলাত উদযাপন 74 তম স্বাধীনতা দিৱস