গুৱাহাটী, 10 অক্টোবৰ: দিনে দিনে অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ দীৰ্ঘদিন ধৰি মহানগৰীত সক্ৰিয় অৱস্থাত আছে বহি:ৰাজ্যৰ ধন হৰলুকি চক্ৰ ৷ বৃহস্পতিবাৰে দিনে পোহৰে মহানগৰ আৰক্ষীয়ে বেলতলাস্থিত বিলাসী নক্ষত্ৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে পাঁচজনক দুধৰ্ষ অপৰাধী ৷ ধন হৰলুকি চক্ৰৰে জড়িত সন্দেহ থকা দুধৰ্ষ অপৰাধী কেইটাই হোটেল নক্ষত্ৰত বাহৰ পাতি আছিল ৷ গোপন সুত্ৰৰ পম খেদি অপৰাধ অনুসন্ধান শাখা আৰু বশিষ্ঠ আৰক্ষীয়ে যুটীয়া অভিযান চলাই হোটেল নক্ষত্ৰৰ ৬০৭ নম্বৰ কোঠাৰ পৰা গ্ৰেপ্তাৰ কৰে দুধৰ্ষ অপৰাধী কেইজনক ৷
হোটেল নক্ষত্ৰত অঘটন: গ্ৰেপ্তাৰ পাচঁ দুধৰ্ষ অপৰাধী - Basistha Police
ধন হৰলুকি কাৰ্যৰে জড়িত আছিল ধৃত পাঁচ অপৰাধী ৷
হোটেল নক্ষত্ৰত অঘটন: গ্ৰেপ্তাৰ পাচঁ দুধৰ্ষ অপৰাধী
গ্ৰেপ্তাৰ হোৱা পাঁচ অপৰাধীৰ আকাশ শৰ্মাৰ ঘৰ দিল্লীত আৰু প্ৰফুল্ল লালজাণুৰ ঘৰ মহাৰাষ্ট্ৰত ৷ আন তিনিজন ক্ৰমে সমৰেন্দ্ৰ ব্ৰহ্ম, সুনীল বাগলাৰী আৰু মেৰাজ আহমেদ লস্কৰৰ ঘৰ অসমত ৷ ধৃত অপৰাধী কেইজনৰ পৰা আৰক্ষীয়ে ২০ খন এটিএম কাৰ্ডৰ লগতে কেইবাখনো চেকবুক জব্দ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷