গুৱাহাটী,২০ জুলাই: ৰাজ্যত এটাৰ পাছত আনটো নিযুক্তি কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে । ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ) বিষয়া আনন্দ প্ৰকাশ তিৱাৰী পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক হৈ থকাৰ সময়তে নিগমত নিযুক্তিৰ কেলংকাৰী হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে আন এক নিযুক্তি কেলেংকাৰীৰ অভিযোগ সত্য প্ৰমাণিত হৈছে (Ex Managing Director of Transport Corporation Anand Prakash Tiwari)। এইবাৰ ৰাজ্যৰ অসম মীন উন্নয়ন নিগম লিমিটেডত সংঘটিত হোৱা নিযুক্তি কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়াৰ প্ৰতিবেদনত স্পষ্ট হৈছে সমগ্ৰ নিযুক্তি কেলংকাৰী( Fisheries Development Corporation recruitment scam )।
উল্লেখ যে মীন নিগমত মুঠ ২১৭ টা পদত অবৈধ নিযুক্তিৰ তথ্য পোহৰলৈ অহাৰ পিছতে এই নিযুক্তিৰ তদন্ত কৰিবলৈ এক উচ্চ স্তৰীয় তদন্ত কমিটী গঠন কৰা হৈছিল। এই কমিটীৰ শেহতীয়া প্ৰতিবেদনত স্পষ্ট হৈছে অবৈধ নিযুক্তিৰ বিষয়টো। ইয়াৰ পিছতে এই ২১৭ গৰাকী অবৈধভাৱে নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীক বৰ্খাস্ত কৰিবলৈ নিগমৰ পৰিচালন সঞ্চালকক নিৰ্দেশ দিছে বিভাগীয় আয়ুক্ত সচিবে । জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে নিগমৰ পৰিচালন সঞ্চালকক আয়ুক্ত সচিবে অবৈধভাৱে নিযুক্তি প্ৰাপ্ত ২১৭ গৰাকীকৈ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ কথা উল্লেখ কৰাৰ লগতে এক চূড়ান্ত কৈফিয়ৎ তলবৰো নিৰ্দেশ দিছে । ফলত বক্ৰ পথেৰে অবৈধভাৱে নিযুক্তিপ্ৰাপ্ত এই কৰ্মচাৰী সকলে চাকৰি হেৰুওৱাটো এক প্ৰকাৰ নিশ্চিত হৈছে ।
উল্লেখ্য় যে মীন নিগমত ২০২০-২০২১ বৰ্ষত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ছৈয়দিন আব্বাছীৰ নেতৃত্বত এখন তিনিজনীয়া উচ্চস্তৰীয় তদন্ত কমিটী গঠন কৰা হৈছিল(High level inquiry committee for recruitment scam )। এই তদন্ত কমিটীৰ প্ৰতিবেদনতে পোহৰলৈ আহে নিযুক্তিৰ সমগ্ৰ অবৈধ প্ৰক্ৰিয়া। উক্ত পদসমূহত নিযুক্তিৰ বাবে নিগমে কোনো বাতৰি কাকত, ৱেবছাইট, নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে বিজ্ঞাপন প্রকাশ কৰা নাছিল। এই পদসমূহ পূৰণৰ বাবে প্ৰকাশ কৰা হোৱা নাছিল কোনো জাননী। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই পদ পূৰণৰ বাবে নিযুক্তি প্ৰাপ্তসকলৰ মাজত অনুষ্ঠিত হোৱা নাছিল কোনো ধৰণৰ সাক্ষাৎকাৰ ।