অসম

assam

ETV Bharat / city

অম্বুবাচীত প্ৰথমবাৰৰ বাবে নিজম পৰিব নীলাচলৰ বুকু - assam police

মহামাৰী ক'ৰণাৰ বাবে এইবাৰ অনুস্থিত নহয় অম্বুবাচী মেলা । ক'ৰণাৰ সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ ৰাখি মন্দিৰ পৰিচালনা সমিতিয়ে পোন প্ৰথমবাৰৰ বাবে বাতিল কৰিলে এইবাৰৰ অম্বুবাচী মেলা । সেয়েহে অম্বুবাচীৰ এই সময়চোৱাত পূৰ্বৰ দৰে ভক্তৰ সমাগম দেখিবলৈ পোৱা নাযাব । ইয়াৰ পৰিবৰ্তে কামাখ্যা মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ লগতে নীলাচলৰ চৌদিশত কেৱল কটকটীয়া নিৰাপত্তা বেষ্টনীৰে আৱৰি থকাহে দেখিবলৈ পোৱা যাব ।

first time cancel kamakhya ambubachi due to corona
অম্বুবাচীত প্ৰথমবাৰৰ বাবে নিজম পৰিব নিলাচলৰ বুকু

By

Published : Jun 15, 2020, 9:26 PM IST

গুৱাহাটী,১৫জুন : মহামাৰী ক'ৰণাৰ বাবে এইবাৰ অনুস্থিত নহয় অম্বুবাচী মেলা । ক'ৰণাৰ সংক্ৰমনৰ ভয়াবহতাৰ প্ৰতি লক্ষ ৰাখি মন্দিৰ পৰিচালনা সমিতিয়ে পোন প্ৰথমবাৰৰ বাবে বাতিল কৰিলে এইবাৰৰ অম্বুবাচী মেলা । ২২ জুনৰ পুৱা ৭:৫১ মিনিটত প্ৰবৃত্তিৰে আৰম্ভ হৈ ২৫ জুনত নিবৃত্তিৰে মা কামাখ্যাৰ ৰজস্বলাৰ এই সময়চোৱাত কেৱল ধৰ্মীয় ৰীতি নীতিৰেই কাৰ্য সমাপন কৰিব মন্দিৰ পৰিচালনা সমিতিয়ে । সেয়েহে অম্বুবাচীৰ এই সময়চোৱাত পূৰ্বৰ দৰে ভক্তৰ সমাগম দেখিবলৈ পোৱা নাযাব ।

অম্বুবাচীত প্ৰথমবাৰৰ বাবে নিজম পৰিব নীলাচলৰ বুকু

ইয়াৰ পৰিবৰ্তে কামাখ্যা মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ লগতে নীলাচলৰ চৌদিশত কেৱল দেখ কটকটীয়া নিৰাপত্তা বেষ্টনীৰে আৱৰি থকাহে দেখিবলৈ পোৱা যাব । যাতে এই সময়চোৱা মা কামাখ্যাৰ ভক্তই ভিৰ কৰিব নোৱাৰে । মূলতঃ অম্বুবাচীৰ এই সময়চোৱাত দৰ্শনাৰ্থীৰ আগমনৰ ফলত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকা কৰিয়েই নীলাচলৰ চৌদিশত এই দৰে নিৰাপত্তা বেষ্টনী তৈয়াৰ কৰি নিৰাপত্তা অধিক কটকটীয়া কৰি তোলা হৈছে ।

অম্বুবাচীত প্ৰথমবাৰৰ বাবে নিজম পৰিব নিলাচলৰ বুকু

উল্লেখ্য যে, যোৱাটো বৰ্ষৰ অম্বুবাচীত দৈনিক একৰ পৰা ডেৰ লক্ষাধিক ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছিল। মন কৰিব লগীয়া যে, যোৱাটো বৰ্ষত পৰ্যটন বিভাগে মেলাৰ সময়চোৱাত ৩০কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ফেচবুক পষ্ট কৰি গ্ৰেপ্তাৰ ছাত্ৰ মুক্তিৰ নেতা

ABOUT THE AUTHOR

...view details