গুৱাহাটী, ৫ জুন : কভিড-১৯ মহামাৰীৰ বাবে দুবছৰ বিৰতিৰ অন্তত চৌদি আৰৱৰ চৰকাৰে এইবেলি কেতবোৰ বিশেষ নীতি-নিয়মৰ মাজেৰে বিশ্বৰ ইছলাম ধৰ্মীলোকসকলক পবিত্ৰ হজ সমাপন কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমসহ উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ হজযাত্ৰা দেওবাৰৰ পৰা আৰম্ভ হৈছে । উল্লেখ্য যে, এইবেলি অসমকে ধৰি উত্তৰ-পূৱৰ ৰাজ্য কেইখনৰ পৰা ৩,৪৪০ জন হজযাত্ৰী পবিত্ৰ হজ সমাপন কৰাৰ বাবে চৌদি আৰৱৰ মক্কালৈ যাব ।
দেওবাৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ (Lokapriya Gopinath Bordoloi International Airport) পৰা উত্তৰ-পূৱৰ হজযাত্ৰীৰ ১৪৯ জনীয়া প্ৰথমটো দল চৌদি আৰব বিমান সেৱাৰ বিশেষ বিমানৰে বিয়লি ১.২০ বজাত মক্কা অভিমুখে ৰাওনা হয় । দিনৰ ১১ বজাত বৰঝাৰ বিমানবন্দৰত স্থাপন কৰা হজযাত্ৰী অভ্যৰ্থনা কক্ষৰ সন্মুখত পতাকা জোকাৰি হজযাত্ৰীৰ দলটোৰ যাত্ৰা শুভাৰম্ভ কৰে অসম চৰকাৰৰ হজ আৰু সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Minority Minister Chandra Mohan Patowary) ।
এই উপলক্ষে উত্তৰ-পূব হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে হজযাত্ৰীসকলক যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোক সকলোৱে বিশ্বৰ কল্যাণৰ বাবে মক্কাত দোৱা কৰিব বুলি আশা ব্যক্ত কৰে ৷
লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হজযাত্ৰীসকলে মক্কাত থকা সময়ছোৱাত কোনো ধৰণৰ যাতে অসুবিধা নাপাই তাৰ বাবে দিয়া নিৰ্দেশনা সন্দৰ্ভত আলোকপাত কৰে মন্ত্ৰীগৰাকীয়ে । অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱাই হজযাত্ৰীসকলক অসমৰ উন্নয়নৰ লগতে মুখ্যমন্ত্ৰীয়ে যাতে কাম কৰিবলৈ শক্তি লাভ কৰে তাৰ বাবেও মক্কাত দোৱা কৰিবলৈ আহ্বান জনায় ।